NORTHEAST NOW (Assamese)
অসম

বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ যোৰহাট থিয়েটাৰৰ ১২৫ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান

Posted by: এন ই নাও নিউজ,টিয়ক Updated by: এন ই নাও নিউজ,টিয়ক April 20, 2022 5:01 pm
বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ যোৰহাট থিয়েটাৰৰ ১২৫ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান

ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰৰ ১২৫ বছৰ পূৰ্তি উপলক্ষ্যে আৰম্ভ হোৱা বছৰ যোৰা কায্যসূচীৰ সামৰণি অনুষ্ঠান পাঁচদিনীয়াকৈ আৰম্ভ হৈছে।

এই উপলক্ষ্যে প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি আজি পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ অনুষ্ঠানৰ পাছতে যোৰহাট নগৰৰ মাজেৰে উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা।

পাঁচদিনীয়া কাৰ্যসূচীত চলিব নাট সমাৰোহ আৰু অন্যান্য অনুষ্ঠান ।

বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই ১২৫ বছৰীয়া জয়ন্তীৰ শেষৰ অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।