NORTHEAST NOW (Assamese)
অসম

অসমত ক’ভিডত আৰু পাঁচগৰাকীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৮১৬লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 11, 2020 10:08 pm
অসমত ক’ভিডত আৰু পাঁচগৰাকীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৮১৬লৈ বৃদ্ধি

আজি ৰাজ্যত পুনৰ পাঁচগৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে আৰু ৰাজ্যত মুঠ মৃতকৰ সংখ্যা ৮১৬লৈ বৃদ্ধি পাইছে।

আজি মৃত্যু হোৱা ব্যক্তি কেইগৰাকীৰ দুজন কামৰূপ মেট্ৰ’ৰ আৰু বাকী তিনিজন যোৰহাট, ডিমা হাচাও আ্‌ু গোৱাৰপাৰা জিলাৰ।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত এই পৰ্যন্ত ৮১৬ গৰাকী লোকে ক’ভিডত প্ৰাণ হেৰুওৱাৰ বিপৰীতে ১৬,৩৩,৫২ গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

ইফালে আজি ৰাজ্যত নতুনকৈ ৩৯৬ গৰাকী লোক ক’ৰ’নাত আখ্ৰান্ত হৈছে। ইয়াৰে ১১২ গৰাকী ক’ভিড ৰোগী কামৰূৰ মহানগৰৰ।

অসমত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১,৯৩,৭৮৩ গৰাকী আৰু সক্ৰিয় ৰোগী আছে ২৯,৬১২ গৰাকী।

তিনিগৰাকী ক’ভিড পজিটিভ ব্যক্তি অসমৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হৈছে।