NORTHEAST NOW (Assamese)
অসম

অস্ত্ৰসহ জাগুনত আলফা স্বাধীনৰ লিংকমেন আটক

Posted by: মানস প্ৰতিম গগৈ January 23, 2019 12:24 pm
ULFA (I) linkman

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মহকুমাৰ অন্তৰ্গত জাগুনত সাপেখাটি সেনা শিবিৰ আৰু জাগুন সেনা শিবিৰে আজি অভিযান চলাই আলফা স্বাধীনৰ এজন লিংকমেন আটক কৰে। ধৃত যুৱকজনক কমল মেচ বুলি চিনাক্ত কৰা হৈছে।

আটকাধীন কমল মেচৰ পৰা এটা .২২ পিষ্টল, এটা মেগজিন, ৫টা সক্ৰিয় গুলী, এটা চীনত নিৰ্মিত গ্ৰেনেড আৰু মোবাইল ফোন জব্দ কৰা হয় বুলি সেনাৰ সূত্ৰত প্ৰকাশ। সেনাৰ জেৰাত যুৱকজনে প্ৰকাশ কৰা মতে তেওঁ আলফা উদয় অসমৰ সৈতে জাগুনৰ ফানেং অঞ্চলত বাহৰ পাতি আলফালৈ নতুন যুৱক প্ৰেৰণত লিপ্ত আছিল।

উল্লেখযোগ্য যে ২৬ জানুৱাৰিৰ পূৰ্বে অঞ্চলটোত সেনাই উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা দেখিবলৈ পোৱা গৈছে।

আনহাতে, আন এক সূত্ৰই দাবী কৰা অনুসৰি ভাৰতীয় সেনাই নিৰীহ ব্যক্তিক উগ্ৰপন্থী আৰু উগ্ৰপন্থীৰ লিংকমেন সজাই বাহ বাহ লৈ আছে। কিছুদিন পূৰ্বে সেনাই লেখাপানী থানাৰ অন্তৰ্গত এজন সাধাৰণ অ’ট চালকক আটক কৰি এন এছ চি এন’ৰ লিংকমেন বুলি দাবী কৰাক লৈ অঞ্চলটোত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।