NORTHEAST NOW (Assamese)
অসম

কেৱল জনসাধাৰণকে নহয়; চিৰিয়াখানাৰ জীৱ-জন্তুকো হিন্দুত্বকৰণৰ চেষ্টা সত্যৰঞ্জন বৰাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 11, 2020 7:25 pm
ae785b91-efa4-42bf-ab6b-d23d5fc8e43f

কেৱল জন সমাজকে নহয় এইবাৰ পশু সমাজকো হিন্দুত্বকৰণ কৰাৰ চেষ্টা বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ।

এইবাৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ জীৱ জন্তুৰ খাদ্য তালিকাৰ প্ৰতি চকু বিতৰ্কৰ সম্ৰাট সত্যৰঞ্জন বৰাৰ।

চিৰিয়াখানাৰ জীৱ জন্তুৰ খাদ্য তালিকাৰ পৰা গো-মাংস আঁতৰোৱাৰ দাবী সত্যৰঞ্জনৰ।

আজি দিছপুৰ প্ৰেছ ক্লাৱত সম্বোধন কৰা এক সংবাদমেলত বৰাৰ দাবী ‘গো-মাংস বিক্ৰী কৰি থকাৰ এটা কাৰণ হৈছে চিৰিয়াখানাত জীৱ-জন্তুক গৰু মাংস দিয়াৰ ব্যৱস্থাটো। চিৰিয়াখানাৰ জীৱ-জন্তুক পদ্ধতিগতভাৱে কাৰোবাৰ পৃষ্ঠপোষকতাত গৰু কাটি মাংস খোৱাই থাকিব নোৱাৰিব।‘

চৰকাৰৰ লগতে চিৰিয়াখানা কতৃপক্ষলৈ আহ্বান জনাই বৰাৰ দাবী ‘আপোনালোকে অন্তত চিৰিয়াখানাত থকা পশুকেইটাক গৰু মাংস খুওৱা বন্ধ কৰক। গৰু মাংসৰ ব্যৱস্থা বন্ধ নকৰিলে আমাৰ ফালৰ পৰা বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব।‘

আনহাতে, মুখ খুলিলেই বিতৰ্কৰ সৃষ্টি হোৱা সত্যৰঞ্জন বৰাই এইবাৰ ‘মন্দিৰ অৰ্থনীতি’ গঢ়ি তুলিবলৈ হিন্দু লোকসকলক আহ্বান জনায়।

‘মুছলমানৰ খেতি-পথাৰৰ পৰা অনা সামগ্ৰীৰে যেন দেৱ-দেৱীৰ পূজা কৰা নহয়, পূজা অৰ্চনা কৰা সামগ্ৰীসমূহ হিন্দু লোকে কৰা খেতি-পথাৰৰ ফচল হ’ব লাগিব। প্ৰত্যেকখন দেৱালয়, অথবা সত্ৰত সনাতন হিন্দু ধৰ্ম, সভ্যতা-সংস্কৃতিক লৈ এক অৰ্থনৈতিক বিপ্লৱৰ সৃষ্টি কৰিব লাগিব।‘ সংবাদমেলত বৰাৰ দাবী।

ইপিনে, চৰকাৰে সংখ্যালঘু ছাত্ৰ বৃত্তি প্ৰদান কৰি অহা কথাটোৰ বিৰোধিতা কৰি তেওঁ কয় ‘সংখ্যালঘু মানে কেৱল মুছলমান নহয়। শিখ, ছাইসকলক কিয় জলপানী প্ৰদান কৰা নহয়? তেওঁলোকোতো সংখ্যালঘু।‘

তাৎপয্যপূৰ্ণভাৱে, ‘মাদ্ৰাছা’ জেহাদীৰ কাৰখানা বুলি উল্লেখ কৰি বৰাই চৰকাৰলৈ আহ্বান জনাই কয় ‘নিৰ্বাচনৰ পিছত পুনৰ যেন মাদ্ৰাছা খুলি নিদিয়ে।‘