NORTHEAST NOW (Assamese)
অসম

ৰঙালী বিহুৰ প্ৰাকক্ষণত পুনৰ আলফা স্বাধীনলৈ তেৰ জন যুৱক

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ April 13, 2022 9:17 am
ৰঙালী বিহুৰ প্ৰাকক্ষণত পুনৰ আলফা স্বাধীনলৈ তেৰ জন যুৱক

ৰঙালী বিহুৰ প্ৰাকক্ষণত পুনৰ আলফা স্বাধীনত তেৰ জন যুৱকে যোগদান কৰা বুলি জানিব পৰা গৈছে।

এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ১৩ গৰাকী যুৱকে আলফা স্বাধীনত যোগদান কৰিছে।

ইয়াৰে পাঁচগৰাকী যুৱক গুৱাহাটীৰ লগতে দুগৰাকী শিৱসাগৰৰ বুলি জানিব পৰা গৈছে।

আমাৰ হাতত পৰা তথ্য অনুসৰি আলফা স্বাধীনত যোগদান কৰা যুৱক কেইজন হ’ল— তিনিচুকীয়াৰ ঋতুৰাজ গোঁহাই, পানীতোলাৰ সুভ্ৰান্ত দুৱৰা, বকোৰ অংকুৰ কলিতা, মিৰ্জাৰ দেৱাশিষ দাস, আজৰাৰ মিন্ময় কলিতা, বেলতলাৰ হিতেশ ডেকা, গোলাঘাটৰ বীৰেন বৰা, উমেশ বৰা, চাংসাৰিৰ ৰঞ্জিত দাস, পানীখাইতিৰ মৃদুল নাথ, বাইহাটাৰ সঞ্জীৱ শৰ্মা, শিৱসাগৰৰ ছহিদুল আহমেদ হাজৰিকা আৰু আনোৱাৰ আলি বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বিগত কেইটামান মাহত আলফা স্বাধীনত ২৩৬ গৰাকী যুৱক- যুৱতীয়ে নতুন কৈ ভৰ্তি হৈছে।