NORTHEAST NOW (Assamese)
অসম

শিৱসেনা উদ্ধৱ শিবিৰৰ সাংসদ সঞ্জয় ৰাউতক AK-47-ৰে উৰুৱাই দিয়াৰ ভাবুকি

Posted by: এন ই নাও নিউজ, মুম্বাই Updated by: এন ই নাও নিউজ, মুম্বাই April 1, 2023 4:45 pm

শিৱসেনাৰ উদ্ধৱ থাকৰে শিবিৰৰ সাংসদ সঞ্জয় ৰাউতক হত্যাৰ ভাবুকি দিয়া হৈছে। শুকুৰবাৰে নিশা তেওঁক ফোনযোগে ভাবুকি দিয়া হৈছিল। সঞ্জয় ৰাউতে এই বিষয়ে আৰক্ষীক অভিযোগ দিছে।

ৰাউতে দাবী কৰা মতে, শুকুৰবাৰে নিশা তেওঁৰ মোবাইল ফোনত গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ নামত এটা মেছেজ আহিছিল।

লগতে পঢ়ক: গুৱাহাটীৰ পানীখাইটিত পিষ্টলসহ আটক যুৱক

 ইতিমধ্যে আৰক্ষীয়ে এজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে গেংষ্টাৰ লৰেন্স বিষ্ণোই বৰ্তমান পঞ্জাৱ জেলত বন্দী হৈ আছে ।

ৰাউতে কয়, ‘’ফোনত ভাবুকি দিয়া মেছেজ আহিছে। মই আৰক্ষীক খবৰ দিছো। কিন্তু এই চৰকাৰে এই বিষয়ত চিন্তিত নহয়। মোক আগতেও ভাবুকি দিয়া হৈছে। ৰাজ্যৰ গৃহমন্ত্ৰীয়ে এয়া ষ্টাণ্ট বুলি কৈ ধেমালি কৰিছে।‘’

আৰক্ষীৰ মতে এজাহাৰত ৰাউতে কৈছে যে বাৰ্তাটোত লিখা আছিল, ‘দিল্লীত লগ কৰ। মই তোক এ কে ৪৭ ৰে উৰুৱাই দিম। তোৰো মুছেৱালাৰ দৰে অৱস্থা কৰিম। ছলমান আৰু তই ফিক্স।‘’

লগতে পঢ়ক: পৰ্ণ তাৰকাক মুখ বন্ধ কৰিবলৈ ধন দিয়াৰ অভিযোগ; আত্মসমৰ্পণৰ বাবে সাজু ড’নাল্ড ট্ৰাম্প

আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে। অৱশ্যে এই সন্দৰ্ভত তেওঁ বিশেষ চিন্তিত নহয় বুলি কয় ৰাউতে। তেওঁ কয়, “যেতিয়া পূৰ্বে নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছিল, তেতিয়াও মই কোনো পত্ৰ লিখা নাছিলো।”