NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পশ্চিম পাকিস্তানত ১৩০০ বছৰ পুৰণি ভগৱান বিষ্ণুৰ মন্দিৰ আবিস্কাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 21, 2020 11:38 am

পাকিস্তানত ১৩০০ বছৰ পুৰণি বিষ্ণু মন্দিৰৰ ভগ্নাবেশ উদ্ধাৰ হৈছে।

উত্তৰ-পশ্চিম পাকিস্তানৰ চাৱাট জিলাৰ এখন পাহাৰত পাকিস্তানী আৰু ইটালিয়ান প্ৰত্নতত্ত্ববিদ সকলে হিন্দুৰ আৰাধ্য দেৱতা বিষ্ণুক উপাসনা কৰা ১৩০০ বছৰীয়া পুৰণি মন্দিৰটোৰ ভগ্নাবেশ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই মন্দিৰটো হিন্দু চাহী বংশৰ সময়ত নিৰ্মাণ কৰা হৈছিল বুলি বিশেষজ্ঞ সকলে উল্লেখ কৰে।

খনন কাৰ্য্যৰ সময়ত প্ৰত্নতত্ত্ববিদ সকলৰ দলটোৱে মন্দিৰটোৰ ওচৰত সেনা চাউনী আৰু প্ৰহৰীৰ নিদৰ্শনো লাভ কৰে।

উল্লেখযোগ্য যে, অবিভক্ত ভাৰত হৈ থকাৰ সময়ত পাকিস্তানত বহুটো হিন্দু –দেৱ দেৱতাৰ মন্দিৰ আছিল।

তুৰ্কী, মোগল আদিৰ ভাৰত আক্ৰমণৰ সময়ত এই মঠ-মন্দিৰৰ বহু সংখ্যক ধ্বংস কৰি পেলোৱা হৈছিল।

ইটালীয়ান প্ৰত্নতাত্ত্বিক প্ৰকল্পৰ প্ৰধান ড০ লুকাই জনোৱা মতে পাকিস্তানৰ চাৱাট জিলাত আবিস্কাৰ কৰা এইটো গান্ধাৰা সভ্যতাৰ প্ৰথমটো মন্দিৰ।

পাকিস্তানৰ চাৱাট জিলাত হিন্দু ধৰ্মৰ উপাশক দেৱ-দেৱতাৰ মন্দিৰৰ লগতে ভালেসংখ্যক বৌদ্ধ ধৰ্মৰ উপাসনা স্থল আবিস্কাৰ হৈছিল।