NORTHEAST NOW (Assamese)
অসম

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী; ৰাজ্যত আৰম্ভ হ’ব হাড় কঁপোৱা শীত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 21, 2020 10:57 am

সমগ্ৰ দেশৰ লগতে অসমতো শীতৰ প্ৰকোপ আৰম্ভ হৈছে। বিগত কেইদিনমানৰ পৰা গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহৰ লগতে অসমৰ বিভিন্ন জিলাত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে।

আনহাতে, বৰ্দ্ধিত শীতৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত আগন্তুক সপ্তাহত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে।

ৰাজ্যত এইসময়ত বৃষ্টিপাত হ’লে পাৰাস্তম্ভ আৰু নিম্নগামী হোৱাৰ সম্ভাৱনা আছে।

নৱেম্বৰ মাহৰ শেষৰ সপ্তাহ আৰু ডিচেম্বৰত ৰাজ্যত প্ৰচণ্ড শীত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে বৰাক উপত্যকাতো শীতৰ প্ৰকোপ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। জনসাধাৰণে শীতৰ উমাল কাপোৰ পৰিধান কৰাও দেখা পোৱা গৈছে।

দেশৰ ৰাজধানী দিল্লীত এটা দশকৰ ভিতৰত বৃহস্পতিবাৰৰ দিনটো সৰ্বনিম্ন আছিল তাপমাত্ৰা।

দিল্লীত প্ৰচণ্ড শীত আৰু প্ৰদূষণৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা বিভিন্ন সময়ত ব্যহত হৈ পৰাও পৰিলক্ষিত হৈছে।