NORTHEAST NOW (Assamese)
অসম

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 23, 2022 7:28 am
ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

আইপিএলৰ পিছতে টীম ইণ্ডিয়াই দেশৰ মাটিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫ খন খেলৰ এক টী-২০ শৃংখলা খেলিব। ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে দেওবাৰে শৃংখলাটোৰ বাবে দল ঘোষণা কৰে। লোকেশ ৰাহুলৰ নেতৃত্বত উমৰান মালিক আৰু অৰ্শদ্বীপ সিঙে ভাৰতৰ টি-২০ দলত স্থান লাভ কৰিছে। আইপিএলত দাঙি ধৰা প্ৰদৰ্শনেৰে টি-২০ দললৈ উভতি আহিছে দীনেশ কাৰ্তিকো।

ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টী-২০ শৃংখলাত জিৰণি দিয়া হৈছে। যশপ্ৰীত বুমৰাহকো জিৰণি ল’বলৈ দিয়া হৈছে। ঋষভ পন্ত শৃংখলাটোত উপ-অধিনায়ক হ’ব।

যদিও পৰিচিত ফৰ্মত নাই তথাপি ঈশান কিষাণক বিশেষজ্ঞ বেটছমেন হিচাপে সুযোগ দিয়া হৈছে। ঋতুৰাজ গাইকোৱাড আৰু ভেঙ্কটেশ আয়াৰে স্থান লাভ কৰিছে। হাৰ্ডিক পাণ্ডিয়াকো টি-২০ দলত অন্তৰ্ভুক্ত কৰা হৈছেছে। দীপক হুডাই নিজৰ স্থান ধৰি ৰাখিবলৈ সক্ষম হৈছে।

ভুৱনেশ্বৰ কুমাৰৰ বাহিৰে ভাৰতৰ পেচ বলিং লাইন-আপ কিছু অনভিজ্ঞ যেন দেখা গৈছে। উমৰান আৰু অৰ্শদ্বীপৰ উপৰিও হৰ্ষল পেটেল আৰু আবেশ খানে স্থান লাভ কৰিছে। ঘৰুৱা ক্ৰিকেটত অভিজ্ঞ হ’লেও হৰ্ষল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নৱাগত। মহম্মদ ছামীৰ বাবে দলত স্থান নহ’ল।

ভাৰতৰ স্পিন বলিং আক্ৰমণ তুলনামূলকভাৱে ভালেই দেখা গৈছে। অশ্বিনে দলত স্থান নাপালেও যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, অক্ষৰ পেটেল আৰু ৰবি বিষ্ণোই দলত অন্তৰ্ভুক্ত হৈছে।

ভাৰতৰ টি-২০ দলটো: লোকেশ ৰাহুল (অধিনায়ক), ঋতুৰাজ গাইকোৱাড, ঈশান কিষাণ, দীপক হুডা, শ্ৰেয়াস আয়াৰ, ঋষভ পন্ত (উইকেটকীপাৰ আৰু উপ-অধিনায়ক), দীনেশ কাৰ্তিক (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ভেঙ্কটেশ আয়াৰ, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, অক্ষৰ পেটেল, ৰবি বিষ্ণোই, ভুৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল, আবেশ খান, অৰ্শদ্বীপ সিং আৰু উমৰান মালিক।