NORTHEAST NOW (Assamese)

অসমত নতুনকৈ ১৩৭১ ক’ভিড আক্ৰান্ত, হ্ৰাস পাইছে পজিটিভৰ হাৰ

July 28, 2020 10:41 pm · কল্পজ্যোতি শইকীয়া
Updated: July 28, 2020 10:43 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

অসমত যোৱা ২৪ ঘণ্টাত ২২,৮৭৬ ক’ভিড টেষ্টৰ ভিতৰত ১৩৭১ গৰাকী কোভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে কামৰূপ মেট্ৰৰ ২৯৫ গৰাকী আৰু কামৰূপ গ্রাম্যৰ ২২১ গৰাকী আক্ৰান্ত হৈছে।

ৰাজ্যত ক’ভিড পজিটিভৰ হাৰ ৫.৯ শতাংশলৈ হ্ৰাস পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

কালিৰ দিনটোত ২১,৭৪২ টেষ্টৰ ভিতৰত মাত্ৰ ১৩৪৮গৰাকী কোভিড-১৯ পজিটিভ হৈছিল। ইয়াৰে গুৱাহাটীৰ ১৫৫ গৰাকী আক্ৰান্ত হৈছিল।

কালিৰ টেষ্ট কৰাৰ তুলনাত পজিটিভৰ হাৰ আছিল ৬.১৯ শতাংশ।

দেওবাৰৰ দিনটোতো ২০৫৪২ টেষ্টৰ ভিতৰত ১১৪২ গৰাকী কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হৈছিল।

ইয়াৰে গুৱাহাটীৰ ১৭১ গৰাকী, কামৰূপৰ ১৮৮ গৰাকী আৰু দৰঙৰ ১০০ গৰাকী আক্ৰান্ত হৈছিল।

ইয়াকে লৈ ৰাজ্যত ৩৪,৯৪৭ গৰাকীলৈ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা।

ইয়াৰে ২৫,৪০২ গৰাকী সুস্থ হৈ চিকিৎসালয়ৰ পৰা গৃহলৈ ওভতাৰ লগতে ৯৪৫৪ গৰাকী লোক বৰ্তমানলৈকে চিকিৎসাধীন হৈ আছে।

ৰাজ্যত কোভিড আক্ৰান্ত হৈ ৮৮ গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে।

Related News