NORTHEAST NOW (Assamese)
অসম

অশান্ত ম্যানমাৰ : হাতৰ মুঠিত প্ৰাণটো লৈ মিজোৰাম পালে ম্যানমাৰৰ এজন মন্ত্ৰীসহ ১৪ গৰাকী সাংসদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 17, 2021 3:18 pm
MYANMAR DEMOS

সামৰিক জুণ্টাই নৈৰাজ্যৰ সৃষ্টি কৰা ম্যানমাৰৰ পৰা কোনোমতে হাতৰ মুঠিত প্ৰাণটো লৈ ভাৰতলৈ পলাই আহিছে দেশ খনৰ এজন মন্ত্ৰীৰ লগতে ১৪ গৰাকীকৈ সাংসদে।

ম্যানমাৰৰ মন্ত্ৰীগৰাকীৰ লগতে ১৪ জনকৈ বিধায়কে পলই আহি ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী মিজোৰামত আশ্ৰয় গ্ৰহণ কৰি আছে।

মিজোৰামত উপস্থিত হোৱাৰ পিছৰে পৰাই ম্যানমাৰৰ জনপ্ৰতিনিধি কেইগৰাকীক মিজোৰামৰ চৰকাৰে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত সুৰক্ষিত কৰি ৰাখিছে।

মিজোৰামৰ শীৰ্ষ ছাত্ৰ সংগঠন এম জেড পিয়ে প্ৰকাশ কৰা মতে ম্যানমাৰত জুণ্টাৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ শ শ ম্যানমাৰৰ নাগৰিকে মিজোৰামত প্ৰৱেশ কৰিছে।মিজোৰামৰ চাম্পাই, চিয়াহা,লংলাই,চেৰচিপ, নাহথিয়াল,চাইতুৱাল আদি জিলাত ম্যানমাৰৰ পৰা বহু লোকে আহি প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে।

মিজোৰামত প্ৰৱেশ কৰা ম্যানমাৰৰ মন্ত্ৰী আৰু সাংসদ কেইগৰাকীৰ সম্পূৰ্ণ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।উল্লেখ্য মিজোৰামৰ সৈতে ম্যানমাৰৰ ১,৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত ৰেখা সংলগ্ন হৈ আছে।

জানিব পৰা মতে ভাৰতত প্ৰৱেশ কৰা ম্যানমাৰৰ সৰহ সংখ্যক লোকেই দেশ খনৰ জু সম্প্ৰদায়ৰ লোক।
উল্লেখ্য চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ দিনা ম্যানমাৰত সামৰিক জুণ্টাই সেনা অভ্যুত্থানৰ জৰিয়তে চ্যুকীক ক্ষমতাচ্যুত কৰি শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিছিল।

সম্পূৰ্ণ অগণতান্ত্ৰিক ভাবে ক্ষমতাচ্যুত কৰা ম্যানমাৰৰ গণতন্ত্ৰকামী নেত্ৰী আং চান চ্যুকীৰ বিচাৰ ১৪ জুনৰ পৰা আৰম্ভ হৈছে। আদালতৰ বন্ধ কোঠালীত চলে দেশ খনৰ গণতন্ত্ৰকামী নেত্ৰীগৰাকীৰ বিচাৰ। সামৰিক জুণ্টাই তেওঁৰ বিৰুদ্ধে আনিছে সাতটা বিশেষ অভিযোগ।

উক্ত অভিযোগ কেইটাত দোষী সাৱস্ত্য হ’লে চ্যুকীৰ কমেও ১৫ বছৰৰ কাৰাদণ্ড হোৱাটো নিশ্চিত।ইয়াৰ পূৰ্বে চ্যুকীয়ে ২০১০ চনত জুণ্টাই আৰোপ কৰা ১৫ বছৰীয়া গৃহবন্দিত্বৰ পৰা মুক্ত হৈছিল।

এইবাৰো পুনৰ গৃহবন্দী হৈ থাকিবলগীয়া হ’লে ৭৫ বছৰীয়া নেত্ৰীগৰাকীয়ে জীৱনৰ শেষ কালছোৱা কাৰাগাৰতে কটাবলগীয়া হ’ব।

চ্যুকীৰ বিৰুদ্ধে সামৰিক জুণ্টাই বিগত বৰ্ষত চ্যুকীয়ে ক’ৰ’না বিধি উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা, নীতি বৰ্হিভূত ভাবে ৱাকি টকী লগত ৰখা আদিৰ লগতে দুৰ্নীতিৰো অভিযোগ আনিছে।

জুণ্টাই ১ ফেব্ৰুৱাৰীত গৃহবন্দী কৰা চ্যুকীক ২৮ মে’ৰ দিনা প্ৰথম বাৰৰ বাবে আদালতত হাজিৰ কৰোৱা হৈছিল। নানান ষড়যন্ত্ৰ কৰি জুণ্টাই চ্যুকীৰ দল নেছনেল লীগ ফৰ ডেম’ক্ৰেচিক ভংগ কৰি দিবলৈ উদ্যত হৈছে বুলিও কথা ওলাইছে।

উল্লেখ্য ২৮ মে’ত দীৰ্ঘদিনৰ মূৰত গহবন্দিত্বৰ পৰা বাহিৰলৈ ওলাই আহি চ্যুকীয়ে দেশৰ জনতাক ধৈৰ্য আৰু সাহসেৰে পৰিস্থিতিৰ মুখামুখি হ’বলৈ আহ্বান জনাইছিল।

ম্যানমাৰত গণতন্ত্ৰৰ অপমৃত্যু ঘটাৰ প্ৰায় ৪ মাহ পিছত ২৮ মে’ত প্ৰথমবাৰৰ বাবে সামৰিক জুণ্টাই গৃহবন্দী কৰা গণতন্ত্ৰকামী নেত্ৰী আং চান চ্যুকীক আদালতত হাজিৰ কৰাইছিল।
উল্লেখ্য জুণ্টা প্ৰশাসনে চ্যুকীৰ বিৰুদ্ধে নিৰ্বাচনত জালিয়াতি কৰাৰ অভিযোগৰ লগতে দুৰ্নীতিৰো অভিযোগ আনিছে।

আদালতৰ মজিয়াৰ পৰাই চ্যুকীয়ে দেশবাসীৰ সুস্বাস্থ্যও কামনা কৰিছিল।ইপিনে গৃহবন্দী হৈ থকা নেত্ৰীগৰাকী বৰ্তমান সুস্থ হৈ থকা বুলি তেওঁৰ অধিবক্তাই প্ৰকাশ কৰিছিল।

চ্যুকীৰ মুক্তিৰ দাবীত আজিও ম্যানমাৰত অব্যাহত আছে গণতন্ত্ৰকামী প্ৰতিবাদকাৰীৰ প্ৰতিবাদ।

জুণ্টাই ইতিমধ্যে ৮০০ ৰো অধিক প্ৰতিবাদকাৰীক হত্যা কৰিছে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক কাৰাগাৰলৈ নিক্ষেপ কৰিছে। অভিনেতা-অভিনেত্ৰী, মডেল , চিত্ৰ শিল্পীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

জুণ্টাৰ বিৰুদ্ধাচৰণ কৰাৰ বাবেই বহুতকে মৃত্যুদণ্ড বিহা হৈছে।