NORTHEAST NOW (Assamese)
অসম

২০ অক্টোবৰৰ পৰা ডিমা হাচাওত অনুষ্ঠিত হ’ব জাতিঙ্গা ফেষ্টিভেল

Posted by: পংকজ কুমাৰ দেব Updated by: পংকজ কুমাৰ দেব October 19, 2019 7:43 am
Festival site

২০ অক্টোবৰত পাঁচ দিনীয়া কাৰ্যসূচীৰে জাতিঙ্গাত শুভাৰম্ভ হ’ব ‘জাতিঙ্গা ফেষ্টিভেল ২০১৯’ৰ।

জাতিঙ্গাত নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ টপ্ ডাউন টানেলৰ তলত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদে আয়োজন কৰিছে এই ফেষ্টিভেলৰ।

পাৰ্বত্য ডিমা হাচাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই উৎসৱ ২৪ অক্টোবৰলৈ চলিব।

ইতিমধ্যে উৎসৱৰ বাবে উৎসৱস্থলী প্ৰায় সাজু হৈ উঠিছে।

প্ৰাপ্ত তথ্য অনুসৰি জাতিঙ্গা ফেষ্টিভেল উপলক্ষে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক নৃত্য,গীত প্ৰদৰ্শনৰ উপৰি থাকিব খাদ্য সম্ভাৰৰ বিপনী।

তদুপৰি,বলিউদৰ শিল্পীৰ উপস্থিতিত সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে ডিজে আৰু ৰক্ কনচাৰ্ট আদিও থাকিব।

উল্লেখ্য যে শৰতৰ আগমনৰ লগে লগে প্ৰকৃতি চঞ্চলা হোৱাৰ উপৰি লাহে লাহে  ৰং সলনি হ’বলৈ ধৰে। উৎসৱমুখৰ হৈ পৰে ধৰা। অনুৰূপভাবে পাহাৰীয়া ডিমা হাচাও জিলাৰ চিৰ সেউজীয়া জাতিঙ্গায়ো নতুন প্ৰাণ লাভ কৰে।

কিয়নো শৰত কালটোলৈ পৰিভ্ৰমী চৰাইবোৰে বাট চাই থাকে আৰু শৰতৰ আগমনৰ লগে লগে জাতিঙ্গাত ঢাপলি মেলে এই চৰাইবোৰে। নিশাৰ এন্ধাৰত চৰাইবোৰে পোহৰৰ ৰশ্মি দেখাৰ লগে লগে সেই দিশে গতি কৰে।

যদিও জাতিঙ্গাত চৰাইবোৰে আত্মহত্যা কৰে বুলি এটা অপ্ৰচাৰ আছে, দৰাচলতে বাস্তৱত চৰাইবোৰক হত্যা কৰাহে হয়।

অৱশ্যে কিয় বছৰৰ এটা পৃথক সময়ত জাতিঙ্গাত ভিন প্ৰজাতিৰ চৰাইৰ আগমন ঘটে এয়া এতিয়াও এক ৰহস্য। এয়া শতাব্দী প্ৰাচীন পৰম্পৰা আৰু জাতিঙ্গাৰ পক্ষী ৰহস্য চোৱাৰ কাৰনেই দেশী-বিদেশী পৰ্যটকে ভিৰ কৰে। ইতিমধ্যে হাফলং বা জাতিঙ্গাত পৰ্যটকৰ ভিৰ বৃদ্ধি পাইছে।