NORTHEAST NOW (Assamese)
অসম

আই এছ এলত সোমবাৰে ডিফেণ্ডিং চেম্পিয়ন বেংগালুৰু এফ চিৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব নৰ্থ-ইষ্ট য়ুনাইটেডে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 19, 2019 8:02 am
North East United FC

হিৰো ইণ্ডিয়ান ছুপাৰ লীগত সোমবাৰে ডিফেণ্ডিং চেম্পিয়ন বেংগালুৰু এফ চিৰ বিৰুদ্ধে খেলেৰ অভিযান আৰম্ভ কৰিব নৰ্থ-ইষ্ট য়ুনাইটেডে।

শুকুৰবাৰে অনুষ্ঠিত হোৱা এখন সংবাদমেলত নৰ্থ-ইষ্ট য়ুনাইটেডৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নিয়ে বেংগালুৰুৰ বিৰুদ্ধে হ’বলগীয়া খেলখনৰ বাবে তেওঁলোক সম্পূৰ্ণৰূপে সাজু বুলি মন্তব্য কৰে।

বেংগালুৰুৰ শ্ৰীকান্তিৰাৱা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখনত ঘৰুৱা দৰ্শকৰ উপস্থিতিয়ে বেংগালুৰুক সহায় কৰিব যদিও নৰ্থ-ইষ্ট য়ুনাইটেডে জয়ৰ লক্ষ্যৰে খেলখনত অৱতীৰ্ণ হ’ব বুলি প্ৰশিক্ষক জাৰ্নিয়ে কয়।

আনহাতে, নৰ্থ-ইষ্ট য়ুনাইটেডত বৰ্তমান কোনোধৰণৰ আঘাতৰ সমস্যা নাই বুলি উল্লেখ কৰি জাৰ্নিয়ে দলটোৰ খেলুৱৈ সকলে সৰ্বোচ্চ উজাৰি খেলসমূহত অংশ ল’ব বুলি জনায়।

তদুপৰি, বেংগালুৰু এফ চিৰ অধিনায়ক সুনীল ছেত্ৰী, উদান্ত সিঙকে ধৰি ভালেকেইগৰাকী খেলুৱৈ ৰাষ্ট্ৰীয় দলৰ সৈতে থাকিবলগীয়া হোৱাত দলটোৰ শক্তি কিছু পৰিমাণে হ্ৰাস পাব যদিও এইক্ষেত্ৰত নৰ্থ-ইষ্ট য়ুনাইটেডে গুৰুত্ব দিয়া নাই বুলি উল্লেক কৰি প্ৰশিক্ষকগৰাকীয়ে তেওঁৰ লক্ষ্য উন্নত খেল প্ৰদৰ্শন কৰা আৰু জয়ী হোৱা বুলিহে কয়।