NORTHEAST NOW (Assamese)
অসম

অসমত সাম্প্ৰদায়িক সংঘৰ্ষ! নামাজক লৈ উত্তপ্ত হাইলাকান্দিত সান্ধ্য আইন ।।Video

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 10, 2019 4:06 pm
Akhil Gogoi sees government and Hindu-Islam fundamentalist's hands behind Hailakandi clash

অসমত অসম্ভৱ বুলি গণ্য কৰি অহা সাম্প্ৰদায়িক সংঘৰ্ষই শুকুৰবাৰে উত্তপ্ত কৰি তুলিছে বৰাক উপত্যকা।

নামাজক লৈ দুই ফৈদৰ কাজিয়াই উত্তপ্ত কৰি তোলা হাইলাকান্দি চহৰত দুপৰীয়া ১ বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন।

ইতিমধ্যে আৰক্ষীৰ সৈতে মুখামুখি সংঘৰ্ষত আহত হৈছে প্ৰায় ১৫ গৰাকী ব্যক্তি। আহতৰ মাজত আছে আৰক্ষী জোৱানো। ক্ষতিগ্ৰস্ত হৈছে চহৰখনৰ কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠান। জ্বলাই দিয়া হৈছে বহুকেইখন বাহন আৰু ই ৰিক্সা।

জানিব পৰা মতে শুকুৰবৰীয়া নামাজক লৈ সৃষ্টি হোৱা কাজিয়াই ভয়ানক সংঘৰ্ষৰ ৰূপ লৈছে চহৰখনত।

এচ এচ ৰ’দস্থিত মছজিদৰ ভক্তসকলে শুকুৰবাৰে পথৰ ওপৰতে নামাজ পঢ়াৰ সিদ্ধান্ত লোৱাৰ পিছতে সূত্ৰপাত হয় সংঘৰ্ষটোৰ।

অভিযোগ মতে, যোৱা শনিবাৰে হাইলাকান্দিৰ উক্ত মছজিদৰ সম্মুখত ৰখাই থোৱা কেইবাখনো বাইকৰ ছিট কাটি গৈছিল একাংশ দুৰ্বৃত্তই। ঘটনাটোৰ প্ৰতিবাদত মছজিদৰ ভক্তসকলে ৰাজপথ বন্ধ কৰি নামাজ পঢ়াৰ সিদ্ধান্ত লৈছিল।

স্থানীয় আন এটা ফৈদে তেওঁলোকক বাধা দিয়াত দুয়ো পক্ষই শিলগুটিৰে আক্ৰমণ কৰে।

বৰ্তমান ব্যাপক উত্তেজনা বিৰাজ কৰা চহৰখনত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে।