NORTHEAST NOW (Assamese)
অসম

যোৰহাটত বিস্ফোৰণ; চাৰিগৰাকী লোক আহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 25, 2019 10:34 pm
blast at jorhat

যোৰহাটত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হোৱা এটা বিস্ফোৰণত চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত হয়।

যোৰহাটৰ পুৰণা মেক্স মাৰ্ট বিল্ডিঙৰ ওচৰৰ ৰাজা ময়দান ৰ’ডত থকা এখন পেলনীয়া সামগ্ৰীৰ দোকানত বিস্ফোৰণটো সংঘটিত হয়।

আৰক্ষী সূত্ৰই ঘটনাৰ বিষয়ে উল্লেখ কৰি কয় যে, আঘাতপ্ৰাপ্ত হোৱা লোক চাৰিগৰাকীয়ে এটা অক্সিজেন চিলিণ্ডাৰ কোবাই ভাঙিবলৈ চেষ্টা কৰাৰ সময়তে চিলিণ্ডাৰটো বিস্ফোৰণ হৈছিল। চিলিণ্ডাৰটো পেলনীয়া সামগ্ৰী হিচাপে বিক্ৰী কৰা হৈছিল।

আহত লোককেইগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

আহত লোককেইগৰাকী ময়দুল ইছলাম, হজৰত আৰু চহিদুল নামৰ দুগৰাকী বুলি চিনাক্ত কৰা হৈছে।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি ময়দুল ইছলাম বৰ্তমান সংকটজনক অৱস্থাত আছে।

আৰক্ষীয়ে বৰ্তমান ঘটনাটোৰ বিষয়ে তদন্ত চলাই আছে। আৰক্ষীৰ তদন্তত সকলো ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।