NORTHEAST NOW (Assamese)
অসম

ছ’চিয়েল মিডিয়াত ৰত্নাকৰৰ দৃশ্যাৱলী ভাইৰেল হোৱাকলৈ শুকুৰবাৰে নিশা গীতনগৰ থানাত এজাহাৰ দাখিল যতীন বৰাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 19, 2019 8:44 am
Jatin Borah

জনপ্ৰিয় অভিনেতা তথা পৰিচালক যতীন বৰাৰ সদ্যমুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ ৰত্নাকৰৰ একাংশ দৃশ্যাৱলী ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ঘটনা সন্দৰ্ভত শুকুৰবাৰে মহানগৰীৰ গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যতীন বৰা আৰু তেওঁৰ পত্নী নৱনীতা বৰাই।

যতীন বৰাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তথ্য আৰু প্ৰযুক্তি আইন আৰু কপিৰাইট আইনৰ অধীনত ৪৫৮/১৯ নম্বৰত গীতানগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে।

উল্লেখযোগ্য যে, ৰত্নাকৰৰ অভিনেতা, পৰিচালক তথা প্ৰযোজক যতীন বৰাই ব্যৱসায়িকভাৱে সফল হোৱা তেওঁৰ ছবিখনক লৈ সন্তুষ্টি প্ৰকাশ কৰে যদিও এনেধৰণৰ দুষ্কাৰ্য্যৰ বাবে ক্ষোভ প্ৰকাশ কৰে।

বৰ্তমান সফলতাৰে দ্বিতীয়টো সপ্তাহৰ বাবে ৰাজ্যৰ বিভিন্ন চলচ্চিত্ৰ গৃহত চলি থকা ৰত্নাকৰৰ কিছু দৃশ্যাৱলী কোনো দুষ্ট লোকে ৰেকৰ্ডিং কৰি ইউটিউবত প্ৰচাৰ কৰিছিল আৰু এই কথাকলৈ ক্ষোভিত হৈ পৰে যতীন বৰা।

এখন অসমীয়া চলচ্চিত্ৰ সফল হ’বলৈ বহু কষ্ট কৰিবলগীয়া হয় বুলি উল্লেখ কৰি অভিনেতাগৰাকীয়ে এনে ধৰণৰ কাৰ্য্যই অসমীয়া ছবিজগতক ক্ষতিগ্ৰস্ত কৰি ধ্বংসৰ মুখলৈ ঠেলি দিব বুলি কয়।

আনহাতে, বিগত মাহত মুক্তিপ্ৰাপ্ত আন এখন ব্যৱসায়িক সফল ছবি জুবিন গাৰ্গৰ কাঞ্চনজংঘাৰ ক্ষেত্ৰতো কোনোলোকে ছ’চিয়েল মিডিয়াত ছবিখনৰ কিছু অংশ প্ৰচাৰ কৰাত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছিল জুবিন গাৰ্গে।