NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত এদিনতে ১৪টাকৈ কণ্টেইনমেণ্ট জ’ন ঘোষণা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 12, 2020 10:44 pm
COVID-19: SBI branch, two roads declared containment zone in Sivasagar town

নতুন ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হোৱাৰ ফলত গুৱাহাটীত শুকুৰবাৰে এটা দিনতেই ১৪টাকৈ এলেকাক কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা কৰা হৈছে।

ইয়াকে লৈ গুৱাহাটীত কণ্টেইনমেণ্ট নৰ সংখ্যা ৪৪টালৈ বৃদ্ধি পাইছে।

আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰা কণ্টেইনমেণ্ট সমূহ হৈছে—

ৰূপনগৰৰ ৰূপালী পথ, মালিগাঁওৰ নেতাজী বিদ্যাপীঠ আৰু নেতাজী বিদ্যাপীঠ ৰেইলৱে স্কুল, ফটাশিল চাৰিআলি, শিলপুখুৰী, ঘোৰামৰাৰ হাউছিং কলনী, প্ৰাগজ্যোতিষ হাউছিং কলনীৰ ব্লক -M, সাতগাওঁ আৰ্মী কেম্প, CISF কেম্প চেক্টৰ নুনমাটি, লালগণেশৰ মঙ্গলদ্বীপ আৱাস, GS কলনী ফটাশিল আমবাৰী, টকৌবাৰী, পল্টনবজাৰৰ কে চি সেন ৰোড, বিৰুবাৰী তিনিআলিৰ শংকৰপুৰ আৰু উজনবজাৰ ৰেইলৱে কলনী।

কণ্টেইনমেণ্ট হিচাপে ঘোষণা কৰা অঞ্চলসমূহলৈ পৰৱৰ্তী ১৪ দিনত কোনো ব্যক্তি যাব নোৱাৰাৰ লগতে সেই অঞ্চলৰ পৰা কোনো ব্যক্তি ওলাই আহিব নোৱাৰিব।

আনহাতে আজিৰ দিনটোতে গুৱাহাটীত পাণ্ডু ৰেইলৱে নিউ কলনী আৰু বেতকুছিৰ পৰা কণ্টেইনমেণ্ট প্ৰত্যাহাৰ কৰা হৈছে।

উল্লেখযোগ্য যে, গুৱাহাটীত ২০০ অতিক্ৰম কৰিলে ণা আক্ৰান্ত ৰোগীৰ সংখ্যা।

২০০ অতিক্ৰম কৰিলে ৰেড ঘোষণা কৰাৰ নিয়ম আছিল যদিও এতিয়াও ৰেড হিচাপে ঘোষণা কৰা নাই।