NORTHEAST NOW (Assamese)
দেশ

কোচবিহাৰত নিজ কোৱাৰ্টাৰত আত্মহত্যা বি এছ এফ-ত কৰ্মৰত অসমৰ মহিলা জোৱানৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 20, 2023 9:04 pm
BSF woman jawan commits suicide

সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ বি এছ এফ-ত কৰ্মৰত অসমৰ মহিলা জোৱানে পশ্চিমবংগৰ কোচবিহাৰত নিজৰ কোৱাৰ্টাৰত আত্মহত্যা কৰে। আজি বিয়লি নিজ কোৱাৰ্টাৰত জোৱান গৰাকীক ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে।

মৃত মহিলা জোৱানগৰাকীৰ নাম ধৃতাশ্ৰী ৰাভা বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি মৃত জোৱানগৰাকীৰ ঘৰ কামৰূপ জিলাৰ বকোৰ ডকুৱাপাৰা গাঁৱত।

জানিব পৰা মতে, যোৱা ছমাহৰ পৰা কোঁচবিহাৰত কৰ্মৰত আছিল ধৃতাশ্ৰী। ইফালে পৰিয়ালৰ লোকে এই ঘটনাত শোক প্ৰকাশ কৰি ধৃতাশ্ৰী ৰাভাই এনে পদক্ষেপ গ্ৰহণ কৰা বুলি বিশ্বাস কৰিবলৈ অস্বীকাৰ কৰিছে।

ধৃতাশ্ৰীৰ মাতৃয়ে কয়, “কালি নিশা ফোন কৰি ১ এপ্ৰিলত বিহুৰ বাবে তেওঁ ঘৰলৈ আহিব বুলি জনাইছিল। তেওঁ আছিল এগৰাকী স্ফূৰ্তিত থকা ছোৱালী আৰু আমি কেতিয়াও ভবা নাই যে তাই এনে চৰম পদক্ষেপ ল’ব।”

মঙলবাৰে ধৃতাশ্ৰী ৰাভাৰ মৃতদেহ নিজা বাসগৃহলৈ অনা হ’ব বুলি জানিবলৈ দিছে সীমান্ত সুৰক্ষা বাহিনীৰ কৰ্তৃপক্ষই।