NORTHEAST NOW (Assamese)
অসম

অভিনৱ ৰেকৰ্ড : ৫২৫৩টা বল কৰাৰ অন্তত টেষ্ট কেৰিয়াৰত প্ৰথমটো ন’ বল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 17, 2019 11:33 am
16_09_2019-chris_woakes_no_ball_19582183 (1)

ক্ৰিকেটক সদাই অনিশ্চয়তাৰ খেল হিচাপে জনা যায় যদিও কেতিয়াবা কিছুমান মেচত ঘটা ঘটনা তথা পৰিসংখ্যাই ক্ৰিকেটপ্ৰেমীক আশ্চৰ্যকৰ কৰি তোলাও পৰিলক্ষিত হয়।

তেনে এক ঘটনা সংঘটিত হৈছে সদ্য সমাপ্ত এছেজ শৃংখলাৰ অন্তিমখন মেচত। মেচখনৰ শেষৰ ইনিংছটোত ইংলেণ্ডৰ পেচ বলাৰ ক্ৰিচ ৱ’কছে টেষ্ট কেৰিয়াৰৰ প্ৰথমটো ন’ বল দিয়ে। এই ন’ বলটোৰ বাবেই বৰ্তমান তেওঁ চৰ্চাত।

ইংলেণ্ডৰ এই গৰাকী বলিং অলৰাউণ্ডাৰে নিজৰ আন্তঃৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰৰ ৮৬৭ অ’ভাৰ অৰ্থাৎ ৫২০০টা বল কৰাৰ অন্তত প্ৰথমটো ন’ বল কৰি বিৰল ৰেকৰ্ডৰ অধিকাৰী হয়।

উল্লেখ্য যে এছেজৰ অন্তিম মেচখনৰ শেষৰটো ইনিংছ অৰ্থাৎ অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছৰ ৩১ অ’ভাৰৰ ঘটনা। ক্ৰিজত আছে মিছেল মাৰ্ছ। ৱ’কছৰ অ’ভাৰটোৰ এটা বলত মাৰ্ছ শ্লিপত আউট।

উইকেট পতন হোৱাত ৱ’কছৰ লগতে ইংলেণ্ডৰ আন আন খেলুৱৈ সকল আনন্দত ব্যস্ত। মাৰ্ছো পেভেলিয়নৰ দিশে অগ্ৰসৰ। কিন্তু সেই সময়তে ফিল্ড আম্পায়াৰে ক্ষন্তেক ৰ’বলৈ দিলে মাৰ্ছক।

আম্পায়াৰৰ সন্দেহ হৈছিল যে ক্ৰিছ ৱ’কছে বলটো পপিং ক্ৰিজৰ বাহিৰৰ পৰা কৰিছিল। সেয়ে থাৰ্ড আম্পায়াৰৰ সহায় ল’লে ফিল্ড আম্পায়াৰে। ৰিপ্লেত স্পষ্ট। মাৰ্ছ আউট হোৱা বলটো আছিল ন’ বল।

উইকেট নোপোৱাতকৈও এই ন’ বলটোৱে বেছি হতাশ কৰিলে ইংলেণ্ডৰ ৩০ বছৰীয়া অল ৰাউণ্ডাৰ জনক। কিয়নো তেওঁৰ টেষ্ট কেৰিয়াৰৰ এইটোৱেই আছিল প্ৰথমটো ন’ বল।

430116-chris-woakes-file
ইংলেণ্ডৰ বলিং অল ৰাউণ্ডাৰ ক্ৰিছ ৱ’কছ

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত খুব কম সংখ্যক বলাৰেহে নিজৰ কেৰিয়াৰত ন’ বল নকৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আছে ভাৰতৰ কপিল দেব আৰু পাকিস্তানৰ বৰ্তমানৰ প্ৰধান মন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ ইমৰান খান।

ইয়াৰ উপৰি ডেনিছ লিলী, ইয়ান ব’থম আৰু লঞ্চ গিবছে কেতিয়াও টেষ্ট মেচত ন’ বল দিয়া নাছিল।