NORTHEAST NOW (Assamese)
অসম

কুকুৰ পুহিব খুজিছে?: প্ৰথমতে ল’ব লাগিব লাইচেন্স, তাৰ পাছত মানিব লাগিব এই নিয়ম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 17, 2019 10:17 am
Male-Dog850

কুকুৰ এটা পোহাটো আৰু মুখৰ কথা নহ’ব। মন গ’লেই বাটৰ পৰা কুকুৰ পোৱালি এটা ধৰি আনি পোহাৰ দিন লাহে লাহে যাবলৈ ওলাইছে।

গাজিয়াবাদৰ বাসিন্দাসকলে এতিয়া তেওঁলোকৰ পৰিয়ালত এটা নতুন সদস্য লাভ কৰিবলৈ প্ৰয়োজন হ’ব আইনী কাগজ পত্ৰ।

হয়, গাজিয়াবাদ পৌৰ নিগমে এতিয়া কুকুৰ এটা পোহা বাইয়াৰ মালিক হ’বলৈ ৫,০০০টকাৰ এখন লাইচেন্স লোৱাটো বাধ্যতামূলক কৰিছে।

গাজিয়াবাদৰ মেয়ৰ আশা শৰ্মাই এই সন্দৰ্ভত আৰু কিছু আইনী নিয়ম কানুনৰ কথা সদৰী কৰি কৈছে যে কোনো কুকুৰে যদি পাৰ্ক বা ৰাস্তাত মলত্যাগ কৰে তেতিয়াহ’লে ইয়াৰ মালিকৰ ৫০০ টকা জৰিমনা কৰা হ’ব।

তেওঁ কয় যে কুকুৰৰ উপদ্ৰব নিয়ন্ত্ৰণ কৰাৰ বাবে পোৱা অভিযোগ আৰু অঞ্চলটোত পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে পৌৰ নিগমে এটা কুকুৰ পোহাৰ বাবে ৫,০০০ টকাৰ লাইচেন্স মাছুল লোৱাৰ সিদ্ধান্ত লৈছে।

তদুপৰি, চহৰখনক পৰিষ্কাৰ কৰি ৰখাৰ লগতে পৌৰ নিগমে পোহনীয়া কুকুৰবোৰক ভেকচিন দিয়া হৈছে নে নাই বা ‘ৰেবিছ’ প্ৰতিৰোধৰ ব্যৱস্থা কৰা হৈছে নে নাই সেইবোৰ পৰীক্ষা কৰাৰ পৰিকল্পনাও কৰা হৈছে।

ইপিনে, পৌৰ নিগমৰ এনে নতুন আইনৰ সন্দৰ্ভত নাগৰিকসকলৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।

চহৰখনৰ কুকুৰ পোহা এগৰাকী বাসিন্দাই কৈছে যে পৌৰ নিগমৰ এই সিদ্ধান্তই নিম্ন মাহিলী আয়ৰ লোকৰ বাবে জটিলতাৰ সৃষ্টি কৰিব আৰু যদি মাছুল লগোৱাও হয়, তেনেহ’লে সেয়া হ্ৰাস কৰা উচিত।

নাগৰিকজনে লগতে কয় যে যিসকলে কুকুৰ পুহিছে এতিয়া তেওঁলোকেও এটা কুকুৰ ৰখাৰ কথাটো দুবাৰ ভাবিব লাগিব।

কুকুৰ পোহা বা কুকুৰ মালিকসকলক পঞ্জীয়নৰ বাবে প্ৰস্তুত কৰাটো পৌৰ নিগমৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ ধৰা দিছে।

আনহাতে, দিল্লী আৰু গুৰগাঁৱে ইতিমধ্যে কুকুৰৰ মালিকসকলক নিয়মসমূহ জনাই জাননী দিছে। এইক্ষেত্ৰত দিল্লী আৰু গুৰগাঁৱত বাৰ্ষিক পঞ্জীয়ন মাছুল হৈছে ৫০০ টকা।

গুৱাহাটীতো কুকুৰৰ মালিকসকলে ৰাস্তাত ফুৰাবলৈ আনি মলত্যাগ কৰোৱাই পৰিৱেশ লেতেৰা কৰি আহিছে।আমাৰ ইয়াত পৌৰ নিগম কৰ্তৃপক্ষ এই বিষয়ত নিস্পৃহ হৈ থকাৰ বাবে কুকুৰৰ স্বত্ত্বাধিকাৰীসকলে লগত কুকুৰ লৈ বীৰদৰ্পে ৰাজপথত খোজ কাঢ়ে আৰু য’তে ত’তে মলত্যাগ কৰোৱায়।

গুৱাহাটীতো কুকুৰ পোহাৰ ক্ষেত্ৰত কিছু কঠোৰ নিয়ম বলবয কৰাটো জৰুৰী হৈ পৰিছে।