NORTHEAST NOW (Assamese)
অসম

নৰ্থ-ইষ্ট য়ুনাইটেডত নেদাৰলেণ্ডৰ ফুটবলাৰ কেই হিৰিংছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 17, 2019 10:12 am
Kai Heerings

২০১৯-২৯ বৰ্ষৰ ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এল ছীজনৰ বাবে নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে শেহতীয়াকৈ নেদাৰলেণ্ডৰ খেলুৱৈ কেই হিৰিংছক চুক্তিবদ্ধ কৰিছে।

সোমবাৰে এই কথা ক্লাব কৰ্তৃপক্ষই টুইটাৰৰ জৰিয়তে ৰাজহুৱা কৰে।

বিখ্যাত আয়াক্স একাডেমিৰ প্ৰশিক্ষাৰ্থী চেণ্টাৰ বেক গৰাকীৰ সৈতে চুক্তিৰ লগে লগে ক্লাবটোত এতিয়া বিদেশী খেলুৱৈৰ সংখ্যা ছজনলৈ বৃদ্ধি পালে।

উল্লেখ্য যে ডাচ্চ লীগৰ কেইবাটাও ক্লাবৰ হৈ খেলা ২৯ বছৰীয়া ফুটবলাৰ গৰাকীয়ে প্ৰথমবাৰ য়ুৰোপৰ বাহিৰত খেলিব।

পেচাদাৰী ফুটবলাৰ হিচাপে পৰিচিত কেই হিৰিংছে ফুটবল কেৰিয়াৰ আৰম্ভ কৰিছিল ২০১১ চনত। তেওঁৰ প্ৰথম দল আছিল এফ চি আট্ৰেচট।

২৮ বছৰীয়া অভিজ্ঞ ডিফেণ্ডাৰ গৰাকীৰ অন্তৰ্ভুক্তিয়ে নৰ্থ-ইষ্ট য়ুনাইটেডৰ ৰক্ষণ বিভাগত এক অন্য মাত্ৰা প্ৰদান কৰিব বুলি কৰ্তৃপক্ষই আশা প্ৰকাশ কৰে।

ক্লাবে এই পৰ্যন্ত চুক্তিবদ্ধ কৰা বিদেশী খেলুৱৈ কেইগৰাকী হ’ল- যোৱা বৰ্ষত খেলা ফ্ৰেডৰিকো গালেগো, মিছলাভ কম’ৰম্পী, জো লিডো, ষ্ট্ৰাইকাৰ মেক্সমিলানো বাৰাইৰো আৰু মাৰ্টিন চাভেছ।

আনহাতে আজিৰ পৰা কিছুদিন পূৰ্বে ক্লাবটোৱে ক্ৰ’ৱেচিয়াৰ বিশ্বকাপৰ ব্ৰঞ্জ বিজয়ী ফুটবলাৰ ৰবাৰ্ট জৰ্নিক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে।