NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আকৌ ১৪ গৰাকী কোভিড-১৯পজিটিভ; আক্ৰান্তৰ সংখ্যা ১৩৫লৈ বৃদ্ধি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 19, 2020 12:23 pm
Covid-test-image

ৰাজ্যত আজিৰ দিনটোতে এতিয়ালৈকে ২০ গৰাকীকৈ লোকৰ দেহত মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

এইবাৰ ১৪ গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি। কিছু সময় পূৰ্বে ৬ গৰাকী লোকৰ দেহত ধৰা পৰিছিল কোভিড-১৯ পজিটিভ।

আক্ৰান্তসকলৰ ৭ গৰাকী কামৰূপ মহানগৰ, ২ গৰাকী হোজাইৰ, দুগৰাকী বিশ্বনাথৰ, এগৰাকী নগাঁও জিলাৰ আৰু দুগৰাকী নলবাৰীৰ।

আক্ৰান্ত সকলৰ ১২ গৰাকীয়ে আছিল সৰুসজাই কোৱাৰেন্টাইন চেণ্টাৰত।

কোভিড-১৯ পজিটিভ পোৱা সকলৰ ভিতৰত আছে বাইহাটাৰ(কামৰূপ গ্ৰাম্য) চন্দন ডেকা, কামৰূপৰ নৱজিত কলিতা, প্ৰণৱ কলিতা, ধৰণী কলিতা, উৎপল কলিতা, ৰঙিয়াৰ অজয় কলিতা, হোজাইৰ চোফাদ্দীন আহমেদৰ লগতে এগৰাকী ২ বছৰীয়া শিশু, নগাওঁৰ হিমাশ্ৰী বৰা।

ৰাজ্যত ১৩৫ গৰাকীলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা।

টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

বৰ্তমান ৮৮ গৰাকী লোক এই কৰনা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ৪১ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

টুইটাৰ যোগে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সকলোকে নীতি নিৰ্দেশনা মানি ঘৰতে থাকিবলৈ অনুৰোধ জনাইছে।

উল্লেখযোগ্য যে, কিছুসময় পূৰ্বে ২ গৰাকী যোৰহাট, ২ গৰাকী গোলাঘাট, এগৰাকী কোকৰাঝাৰ আৰু এগৰাকী নগাওঁ জিলাৰ লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ অৱস্থিতি পোৱা গৈছিল।

যোৰহাটৰ এগৰাকী চেন্নাইৰ পৰা উভতি আহিছিল আৰু বাকী কেইগৰাকী দাৰ্জিলিংৰ পৰা আহিছিল।

ইপিনে, কালিও গুৱাহাটীত ৭ গৰাকীৰ দেহত মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি আৰু এজনৰ মৃত্যু হৈছিল।

ইয়াৰে, ৩ গৰাকী ৰোগী সৰুসজাই কুৱাৰেন্টাইন কেম্পৰ আৰু ৩ গৰাকীৰ ফাঁচিবজাৰ আলু গুদামৰ(কণ্টেইনমেণ্ট জ’নৰ) সৈতে সম্পৰ্কিত আছিল।

কালিৰ দিনটোতে গোলাঘাটত ৪ গৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল। লগতে কাছাৰত দুগৰাকী লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছ।

ইয়াৰোপৰি কাছাৰ আৰু গোলাঘাট বাদ কৰি কালিৰ দিনটোত যোৰহাটত এজন, নগাওঁ জিলাত এজন লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছ।