NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আজি নতুনকৈ ওলাল ৬ গৰাকী কোভিড-১৯পজিটিভ; আক্ৰান্তৰ সংখ্যা ১২১জনলৈ বৃদ্ধি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 19, 2020 11:42 am

ৰাজ্যত আজিৰ দিনটোতে ৬ গৰাকীকৈ লোকৰ দেহত মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ইয়াৰে ২ গৰাকী যোৰহাট,২ গৰাকী গোলাঘাট, এগৰাকী কোকৰাঝাৰ আৰু এগৰাকী নগাওঁ জিলাৰ।

যোৰহাটৰ গৰাকী চেন্নাইৰ পৰা উভতি আহিছিল আৰু বাকী কেইগৰাকী দাৰ্জিলিঙৰ পৰা আহিছিল।

গোলাঘাটৰ দুগৰাকী বাবুল আলি আৰু মনোৱাৰ হুছেইন। ১৬ মে’ ত কাজিৰঙাৰ অৰণ্য লজত কোৱাৰেন্টাইন কৰা হৈছিল।

গোটেই কেইগৰাকীকে কোৱাৰেন্টাইন কৰি ৰখা হৈছিল।

ৰাজ্যত এতিয়া ১২১ গৰাকীলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা।

আজি টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

বৰ্তমান ৭৪ গৰাকী লোক এই কৰনা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৪১ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী ৰোগী মৃত্যু মুখত পৰিছে ৷

উল্লেখযোগ্য যে, কালিও গুৱাহাটীত ৭ গৰাকীৰ দেহত মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল আৰু এজনৰ মৃত্যু হৈছিল।

ইয়াৰে, ৩ গৰাকী ৰোগী সৰুসজাই কোৱাৰেন্টাইন কেম্পৰ আৰু ৩ গৰাকীৰ ফাঁচিবজাৰ আলু গুদামৰ(কণ্টেইনমেণ্ট জ’নৰ) সৈতে সম্পৰ্কিত আছিল।

ইপিনে, কালিৰ দিনটোতে গোলাঘাটত ৪ গৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল। লগতে কাছাৰত দুগৰাকী লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছ।

আনহাতে, কাছাৰ আৰু গোলাঘাট বাদ দি কালিৰ দিনটোত যোৰহাটত এজন আৰু নগাওঁ জিলাত এজন লোকৰ দেহত ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছ।