NORTHEAST NOW (Assamese)
অসম

আন্তৰ্জাতিক হেচাত সেও মানিলে চীনে! কৰ’নাৰ উৎসক লৈ তদন্তত অনুমতি জিনপিঙৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 19, 2020 11:11 am
c57db9a7dca9d4f4ea9f010654c4b763_20190906150145

আন্তৰ্জাতিক হেচাত সেও মানি অৱশেষত কৰ’নাৰ উৎসক লৈ বিশ্ব স্বাস্থ্য সংস্থাক তদন্তৰ অনুমতি দিলে বেইজিঙে।

সোমবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ বাৰ্ষিক স্বাস্থ্য সন্মিলনত সংস্থাৰ তদন্তত সকলোধৰণে সহযোগিতা কৰাৰ বাবে সন্মতি দিয়ে চীনৰ ৰাষ্ট্ৰপতি সি জিনপিঙে।

কৰ’না ভাইৰাছৰ উৎস ক’ত বা ইয়াৰ উৎপত্তি কেনেকৈ ঘটিল তাক লৈ তদন্ত কৰাৰ বাবে অষ্ট্ৰেলিয়া তথা য়ুৰোপীয় য়ুনিয়নে অনা প্ৰস্তাৱক বিশ্বৰ ৬১খন দেশে সমৰ্থন কৰিছে।

ভাৰতেও এই তদন্তৰ পক্ষে নিজৰ স্থিতি স্পষ্ট কৰিছে।

বিশ্বৰ সৰ্বমুঠ ১২০খন দেশে কৰ’নাক লৈ এক নিৰপেক্ষ তদন্তৰ দাবী কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ ডিৰেক্টৰ জেনেৰেল ঘ্ৰেবিয়াছুৱে সোমবাৰে এই প্ৰস্তাৱক সমৰ্থন কৰিছে। ইমানবোৰ দেশৰ সন্মিলিত হেচাত একপ্ৰকাৰ সেও মানি চীনে বাধ্য হৈ তদন্তৰ অনুমতি দিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ সোমবাৰে অনুষ্ঠিত বাৰ্ষিক সন্মিলনত জিনপিঙে কয়,’’সন্মিলনত যি নিৰপেক্ষ, বিতং তথা পৰ্যায়ভিত্তিক তদন্তৰ প্ৰস্তাৱ দিয়া হৈছে আমি ইয়াক আদৰণি জনাইছো। যিমান শীঘ্ৰেই পাৰি আমি নিৰপেক্ষ তদন্ত আৰম্ভ কৰিম।‘’

তেওঁ লগতে কয়,’’মহামাৰীৰ পৰা পোৱা অভিজ্ঞতা তথা লাভ কৰা শিক্ষা সকলোৰে সৈতে শ্বেয়াৰ কৰিব বিচাৰো। তদুপৰি, ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক পৰ্যায়ত কৰ’না মোকাবিলাৰ বাবে যাতে আমি আগন্তুক দিনত অধিক সজাগ হ’ব পাৰো তাৰ বাবে সকলো তথ্য আমি দিম।‘’

কৰ’নাৰ উৎস বিচাৰি কৰিবলগীয়া এনে তদন্তত চীনৰ সহযোগিতাই বিশেষ গুৰুত্ব বহন কৰিছে।

ইয়াৰ পূৰ্বে আমেৰিকাই কেইবাবাৰো চীনত দল পঠিয়াই তদন্ত কৰিব বিচাৰিছিল যদিও চীনে সহযোগ কৰা নাছিল।

এইবাৰ নিৰপেক্ষ তদন্তৰ বাবে আন্তৰ্জাতিক হেচাত চীনে সন্মতি দিয়াৰ পাছত ইয়াৰ ফলাফলক লৈ স্বাভাৱিকতে দৃষ্টি থাকিব।