NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ: চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ১৪ টা বিৰোধী দল

March 24, 2023 11:58 am · এন ই নাও নিউজ, গুৱাহাটী

শাসকীয় বিজেপি চৰকাৰে কেন্দ্ৰীয় স্বতন্ত্ৰ তদন্তকাৰী সংস্থাসমূহক অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে দেশৰ চৈধ্যটা বিৰোধী দল। বিৰোধী দলসমূহে দাখিল কৰা এই আবেদনৰ ৫ এপ্ৰিলত শুনানি গ্ৰহণ কৰিব শীৰ্ষ আদালতে।

আবেদন দাখিল কৰা বিৰোধী দলকেইটাই আবেদনত কয় যে দুই স্বতন্ত্ৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে কেৱল বিজেপিৰ বিৰোধীক লক্ষ্য কৰি আহিছে।কিন্তু বিজেপিত যোগদান কৰিলেই নেতাসকলৰ বিৰুদ্ধে থকা গোচৰ বাদ দিয়া হয় বুলিও বিৰোধী দলসমূহে অভিযোগ কৰিছে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত শীৰ্ষ ন্যায়ালয়ৰ ন্যায়াধীশসকলে জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীৰ দ্বাৰা দাখিল কৰা এই বিষয়টো পৰ্যবেক্ষণ কৰি দুসপ্তাহৰ ভিতৰত শুনানিৰ বাবে তালিকাভুক্ত কৰে।

বিৰোধী দলসমূহে এই আবেদন যোগে উচ্চতম ন্যায়ালয়ক কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে গ্ৰেপ্তাৰৰ পূৰ্বে আৰু পিছত মানি চলিব পৰাকৈ নিৰ্দেশনা জাৰি কৰিবলৈও আহ্বান জনাইছে।

উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা এই দলসমূহৰ ভিতৰত আছে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, আম আদমী পাৰ্টি, জনতা দল-ইউনাইটেড, ভাৰত ৰাষ্ট্ৰ সমিতি, ৰাষ্ট্ৰীয় জনতা দল, সমাজবাদী পাৰ্টি, শিৱসেনা (উদ্ধৱ থাকৰে ফৈদ), নেচনেল কনফাৰেন্স, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি, ডি এম কে আৰু বাওঁপন্থী দলসমূহ।

Related News