NORTHEAST NOW (Assamese)
অসম

১৫০০ৰ দিশে অসমত ক’ভিড আৰোগ্য, নতুনকৈ মুক্ত ১৮৩

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 11, 2020 8:31 pm
642 persons test Covid19 positive in Assam on Saturday

১৮৩গৰাকী ব্যক্তিয়ে বৃহস্পতিবাৰে অসমত ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে।

এইসকলক ধৰি অসমত ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা ১৪৩২গৰাকীলৈ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰি জনায় যে অসমৰ বিভিন্ন অসামৰিক, জিলা আৰু আদৰ্শ চিকিৎসালয়ৰ পৰা তেওঁলোকক মুক্তি দিয়া হৈছে।

তেওঁলোকৰ নমুনা নিগেটিভ অহাৰ পিছত লোকসকলক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

কালিৰ দিনটোত মুঠ ১৫২ গৰাকী লোক ক’ৰ’ণামুক্ত হৈছিল।

ৰাজ্যৰ বিভিন্ন জিলা আৰু আদৰ্শ চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল এইকেইগৰাকী লোকক।

যোৱা ৯ জুনত ৩১৩ গৰাকী লোক ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা ক’ৰ’ণা মুক্ত হৈছিল।

কিন্তু কোন কোন চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে সেই কথা জনোৱা নাছিল স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্য কৰ্মীয়ে ভালদৰে কাম বা চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে এইয়া সম্ভৱ হৈ উঠা বুলি দাবী কৰিছিল স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

কালিৰ পৰা আজিলৈকে মুঠ ৩৩৫ গৰাকী ৰোগীক মুক্তি দিয়াৰ ফলত ৰাজ্যত ১৮৭৮লৈ হ্ৰাস পালে ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা।

ৰাজ্যত আজিৰ দিনটোত বৰ্তমানলৈকে ৩৪ গৰাকী লোক এই কোভিড-১৯+ ত আক্ৰান্ত হোৱাত তথা ৰোগীৰ সংখ্যা ৩৩১৯লৈ বৃদ্ধি পোৱাত সকলো আতংকিত হৈ আছে যদিও দুদিনত ৩৩৫ গৰাকীকৈ ৰোগী ক’ৰ’ণামুক্ত হোৱাটোৱে জনসাধাৰণৰ মনলৈ সুখৰ বাৰ্তা কঢ়িয়াই আনিছে।