NORTHEAST NOW (Assamese)
অসম

ভাৰত-পাকিস্তান সংযুক্ত টি-২০ একাদশত কোন পাঁচ গৰাকী ভাৰতীয় ক্ৰিকেটাৰক স্থান দিলে বাবৰ আজমে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 11, 2020 8:10 pm
Story-14-9-1140x570

পাকিস্তান ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক তথা তাৰকা বেটছমেন বাবৰ আজমে হৰ্ষ ভোগলেৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰত-পাকিস্তান সংযুক্ত টি-২০ একাদশত বিৰাট কোহলী, মহেন্দ্ৰ সিং ধোনী, ৰোহিত শৰ্মা, জাচপ্ৰীত বুমৰাহ আৰু কুলদীপ যাদৱক স্থান দিয়ে।

হৰ্ষ ভোগলেৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সময়ত বাবৰ আজমক ভাৰত-পাকিস্তান সংযুক্ত একাদশ বনাবলৈ কোৱাৰ পাছতে বাবৰে এই দলটোত পাঁচ গৰাকী ভাৰতীয় ক্ৰিকেটাৰক স্থান দিয়ে।

আজমে উইকেট কীপাৰ বেটছমেন হিচাপে মহেন্দ্ৰ ধোনীৰ বিকল্প কোনো হ’ব নোৱাৰে বুলিও লগতে কয়।

আনহাতে, সাক্ষাৎকাৰৰ সময়ত বিৰাট কোহলীৰ সৈতে তেওঁক তুলনা কৰা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত আজমে কোহলী ডাঙৰ আৰু সফল ক্ৰিকেটাৰ বুলি উল্লেখ কৰি তেওঁ ভবিষ্যতে কোহলীৰ নিচিনাকৈ পাকিস্তানক বহু খেলত জয়ী কৰাব বিচাৰে বুলি কয়।

সাক্ষাৎকাৰত আজমে বিৰাট কোহলীৰ ফিটনেছৰ প্ৰতি থকা সচেতনতাৰো উচ্চ প্ৰশংসা কৰে।

বাবৰ আজমে হৰ্ষ ভোগলেৰ সন্মুখত তেওঁ এতিয়ালৈ ভাৰত আহি পোৱা নাই বুলি মন্তব্য কৰি ভবিষ্যতে সুযোগ পালে আহিবলৈ বিচাৰে বুলিও কয়।