NORTHEAST NOW (Assamese)

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৫গৰাকী শিক্ষাৰ্থী কোভিড পজিটিভ; ৫দিনৰ বাবে বন্ধ হোষ্টেল,পাঠদান

December 14, 2021 7:22 am · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটী বিশ্ববিদ্যালয়ৰ কমেও ১৫গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পাঁচদিনৰ বাবে পাঠদান তথা হোষ্টেলসমূহ বন্ধৰ নিৰ্দেশ দিছে।

এনেদৰে সৰহ সংখ্যক কোভিড পজিটিভৰ ঘটনাৰ পাছতে স্বাস্থ্য বিভাগে সংক্ৰমণ প্ৰতিৰোধৰ বাবে বিশ্ববিদ্যালয়খনৰ তিনিটা হোষ্টেল কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে হোষ্টেলসমূহৰ লগতে নিয়মীয়া অফলাইন পাঠদান ১৫ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈকে বন্ধ থাকিব।

Also Read: Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

সেইদৰে বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষে অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক কাৰ্যসূচীও বাতিল কৰা হৈছে।

কোভিডত আক্ৰান্ত হোৱা শিক্ষাৰ্থীৰ বেছিভাগেই বিশ্ববিদ্যালয়খনৰ বিভিন্ন হোষ্টেলৰ আৱাসী।

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশ অনুসৰি বিগত সপ্তাহত কোভিড-১৯ পৰীক্ষা কৰা হৈছিল। কোভিডত আক্ৰান্ত শিক্ষাৰ্থীসকলক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।   

Related News