NORTHEAST NOW (Assamese)
অসম

নাগপুৰীয়া লবীৰ বিৰুদ্ধে এইবাৰ ‘জয় আই অসম’ৰ যুদ্ধ হ’ব, কোনে ক’লে?

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ March 18, 2021 4:13 pm
a modd

নাগপুৰীয়া লবীৰ বিৰুদ্ধে   এইবাৰ হ’ব জয় আই অসমৰ যুদ্ধ— এই মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ । চলিহাত দৃঢ়তাৰে কয় নাগপুৰীয়া লবীক ওফৰাই শিৱসাগৰৰ পৰা জাতীয়তাবাদ প্ৰতিষ্ঠা হব।

কংগ্ৰেছ বিজেপিৰ বি টিম বুলি মন্তব্য কৰে শৃংখল চলিহাই। শিৱসাগৰৰ নিষ্ঠাৱান কংগ্ৰেছ কৰ্মীক ৰাইজৰ দলক ভোট দিবলৈ আহ্বান জনায় শৃংখল চলিহাই।

নিৰ্বাচনত জয়ী হলে অখিল গগৈক সমষ্টিবাসীয়ে শিৱসাগৰতে লগ পাব। এই মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য্য কোঁৱৰে।

শিৱসাগৰৰ বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ এক যৌথ সংবাদ মেলত এই ঘোষণা কৰে ধৈৰ্য্য কোঁৱৰে।

সংবাদ মেলত উপস্থিত  থকা প্ৰায় ১৫ টা সংগঠনৰ নেতৃত্বই শিৱসাগৰবাসীক  শিৱসাগৰৰ উন্নয়নৰ বাবে এইবাৰ অখিল গগৈক চিলিণ্ডাৰৰ চিনত ভোট দি জয়ী কৰিবলৈ আহ্বান জনায়।

ইপিনে বদৰুদ্দিন আজমল মানেই মুছলিমক প্ৰতিনিধিত্ব কৰা সংগঠন নহয় বুলি মন্তব্য কৰে সংখ্যালঘু সংগঠনৰ নেতৃত্বই।

সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱজিত দত্তই সঞ্চালন কৰা সংবাদ মেলত পোন্ধৰটা জাতি জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিয়ে  মন্তব্য আগবঢ়ায়।