NORTHEAST NOW (Assamese)
Popular Stories

আহি আছে আন এক মহামাৰী! কভিড-১৯ৰ পাছত এইবাৰ মাৰাত্মক চি-অউৰিছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 18, 2021 4:08 pm

প্ৰথমবাৰৰ বাবে গৱেষকসকলে এটা ‘চুপাৰবাগ’ অৰ্থাৎ জীৱাণুৰ সন্ধান লাভ কৰিছে- যি কভিড-১৯ৰ পাছত আন এক মাৰাত্মক মহামাৰী বিয়পোৱাৰ আশংকা আছে।

জীৱাণুটোৰ নাম ‘কেনডিডা অউৰিছ’ (Candida auris) বুলি বিজ্ঞানীসকলে চিনাক্ত কৰিছে।

‘কেনডিডা অউৰিছ’ক চমুকৈ ‘চি অউৰিছ’ নামেৰেও জনা যায়।

এই জীৱাণুটোৱে যিকোনো ধৰণৰ ৰোগপ্ৰতিৰোধী ঔষধক প্ৰতিৰোধ কৰি বেমাৰ বিয়পোৱাৰ ক্ষমতা আছে।

বেংছটাজাতীয় এই জীৱাণুটোৱে শৰীৰৰ ৰোগপ্ৰতিৰোধী ক্ষমতাক দুৰ্বল কৰি দিয়ে।

মঙলবাৰে ‘আমেৰিকান চ’চাইটী ফৰ মাইক্ৰ’বায়লজী’ৰ জাৰ্ণাল ‘এমবায়’ (mBio)ৰ শেহতীয়া সংস্কৰণটোত এই তথ্য প্ৰকাশ পাইছে।

বিশেষজ্ঞসকলে সাৱধান কৰি দিছিল কভিড-১৯ মহামাৰীয়ে আন এক মহামাৰীৰ বাট মুকলি কৰি দিব পাৰে।

সেয়া হৈছে ‘চি.অউৰিছ মহামাৰী’।

দিল্লী বিশ্ববিদ্যালয়ৰ গৱেষক ডঃ অনুৰাধা চৌধুৰীয়ে নেতৃত্ব লোৱা গৱেষণাটোত এই জীৱাণুটো পোৱা গৈছে আন্দামান দ্বীপপুঞ্জত।

আন্দামানৰ সাগৰৰ পাৰৰ আঠটা প্ৰাকৃতিক অঞ্চলৰ পৰা সংগ্ৰহ কৰা ৪৮টা মাটি আৰু পানীৰ নমুনাত এই জীৱাণুটোৰ সন্ধান পোৱা গৈছে।

দ্বীপপুঞ্জটোৰ বালিয়া মাটি, শিলাময় মাটি, জলাহৰ পৰা নমুনাসমূহ সংগ্ৰহ কৰা হৈছিল।

আনহাতে, এই চি.অউৰিছ জীৱাণুবিধে আন্দামান দ্বীপপুঞ্জত পূৰ্বৰে পৰা বাস কৰি আহিছে নে দ্বীপপুঞ্জটোত নতুনকৈ আহিছে, সেই বিষয়ে বিজ্ঞানীসকলে এতিয়ালৈকে ঠিৰাং কৰিব পৰা নাই।

বিজ্ঞানীসকলে কৈছে যে এই জীৱাণুবিধ সংক্ৰমণ হ’লে কোনোধৰণৰ ৰোগৰ লক্ষণ দেখা নাযায় কিন্তু জ্বৰকে ধৰি অন্যান্য অসুখ হ’ব পাৰে।

সংক্ৰমণ হোৱাৰ পাছত কোনো ঔষধে কাম নিদিয়ে আৰু শেষত ৰোগীজন মৃত্যুমুখত পৰে।

জীৱাণুবিধে শৰীৰৰ ভিতৰলৈ সুমুৱাৰ পূৰ্বে ছালত থিতাপি লয়।

তেজত মিহলি হৈ ই তীব্ৰ শাৰিৰীক দুৰ্বলতাৰ সৃষ্টি কৰে আৰু শেষত শৰীৰটো পচি পেলায়।

বিশ্ব স্বাস্থ্য সংস্থাই জনোৱামতে, এই জীৱাণুটোৰ ফলত বিশ্বত বছৰি ১১ মিলিয়ন লোক মৃত্যুমুখত পৰিছে।

বিজ্ঞানীসকলে এতিয়ালৈকে ঠিৰাং কৰিব পৰা নাই যে এই জীৱানুবিধ কেনেদৰে বিয়পে।

উল্লেখযোগ্য যে চি-অউৰিছ প্ৰায় এক দশক পূৰ্বেই আৱিষ্কাৰ হৈছিল।

জাপানৰ এগৰাকী ৰোগীৰ শৰীৰত ২০০৯ চনত এই জীৱাণুবিধ লাভ কৰা হৈছিল।

তথ্য অনুসৰি ২০১৯ চনলৈকে ইংলেণ্ডত প্ৰায় ২৭০ জন লোকৰ শৰীৰত এই জীৱাণুবিধ সংক্ৰমণ হৈছে।

আনকি ইয়াৰে ৮ জন লোক মৃত্যুমুখতো পৰিছে।

আন্দামান দ্বীপপুঞ্জত লাভ কৰা এই চি-অউৰিছক লৈ  বিজ্ঞানীসকলৰ মাজত ব্যাপক চৰ্চা হৈছে।