NORTHEAST NOW (Assamese)
Popular Stories

শচীনৰ ৩০ বছৰীয়া ৰেকৰ্ড ভংগ কৰিলে ১৫ বছৰীয়া মহিলা ক্ৰিকেটাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 11, 2019 10:50 am
Shafali Verma

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অপেনিং বেটছমেন শেফালী বাৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত গঢ়িলে এক   অনন্য ৰেকৰ্ড। তেওঁ সৰ্বকনিষ্ঠ ভাৰতীয় ক্ৰিকেটাৰ হিচাপে অৰ্ধশতক অৰ্জনৰ গৌৰৱ অৰ্জন কৰিছে।

১৫ বছৰীয়া শেফালীয়ে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শনিবাৰে চেইণ্ট লুচিয়াত খেলা টি-২০ মেচখনত এই গৌৰৱৰ অধিকাৰী হয়।

মেচখনত শেফালীয়ে ৪৯টা বলত ৬টা চাৰি আৰু ৪টা ছিক্সাৰৰ সহায়ত ৭৩ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ এইটোৱে প্ৰথম অৰ্ধশতক।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অৰ্ধশতক অৰ্জন কৰি সৰ্বকনিষ্ঠ ভাৰতীয় ক্ৰিকেটাৰৰ গৌৰৱ অৰ্জনৰ বাবে শেফালীয়ে শচীন টেণ্ডুলকাৰৰ ৩০ বছৰীয়া ৰেকৰ্ড ভংগ কৰিব লগীয়া হয়।

শেফালীয়ে ১৫ বছৰ ২৮৫ দিনত এই কৃতিত্ব অৰ্জন কৰাৰ বিপৰীতে শচীনে এই ৰেকৰ্ডৰ অধিকাৰী হৈছিল ১৬ বছৰ ২১৪ দিনত।

শচীনে ১৯৮৯ চনৰ ২৪ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে খেলা টেষ্ট মেচত প্ৰথমটো অৰ্ধশতক অৰ্জন কৰিছিল।

উল্লেখ্য যে ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰত ভাৰতীয় মহিলা দলটোৱে ৫ খনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন মেচ ৮৪ ৰানত জয়ী হৈ ১-০ৰ অগ্ৰগতি লৈছে।