NORTHEAST NOW (Assamese)
অসম

সামৰণি পৰিল পুৰণিগুদাম সংগীত বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন

Posted by: ভার্গব হাজৰিকা May 20, 2019 9:18 pm

নগাঁও জিলাৰ পুৰণিগুদামস্থিত বাপুজী ভৱন আৰু পুথিভঁৰাল পৰিচালিত সংগীত বিদ্যালয়ৰ ৪৪ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু সাংস্কৃতিক অনুষ্ঠানটো দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দেওবাৰে সফল সামৰণি পৰে।

পুৰণিগুদাম সংগীত বিদ্যালয়ৰ অধ্যক্ষ তথা সাংবাদিক কুলপ্ৰদীপ দাসে আঁট ধৰা অনুষ্ঠানটি পুৱা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শিক্ষাবিদ ধৰণীধৰ খাউণ্ডে। ইয়াৰ পিছতে বাপুজী ভৱন আৰু পুথিভঁৰালৰ প্ৰাক্তন সভাপতি, সাহিত্যিক পেঞ্চনাৰ ফণীন্দ্ৰ নাথ গায়নে আদৰণি ভাষন প্ৰদান কৰা অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম আৰু দশম স্থান দখল কৰা অনা পুৰণিগুদামৰ ছাত্ৰ ক্ৰমে অংকুৰ ৰাজ বৰা আৰু মিন্টু গায়নক বাপুজী ভৱনৰ তৰফৰ পৰা অভিন্দন জ্ঞাপন কৰা হয়।

অধিৱেশনৰ সাংস্কৃতিক অনুষ্ঠানত সংগীত বিদ্যালয়খনৰ বিভিন্ন শাখাৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা অনুষ্ঠানে উপস্থিত শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তুলাৰ লগতে শিক্ষয়িত্ৰী ক্ৰমে ৰূপা ৰায় চৌধুৰী, প্ৰিংকী বৰা, কুলপ্ৰদীপ দাস আদিয়ে গীত পৰিৱেশন কৰে৷