NORTHEAST NOW (Assamese)
Popular Stories

অহা ছমাহলৈ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিলে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে; পিছে কোন এই মুখ্যমন্ত্ৰী?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 20, 2020 2:25 pm
Portrait of young woman putting on a protective mask

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগৰ দলীয় সভাত সামাজিক দূৰত্ব, মাস্ক পৰিধান আদি কোভিড১৯ প্ৰটক’লক বৃদ্ধাঋগুষ্ঠ প্ৰদৰ্শন কৰাৰ সময়তে দেশৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আগন্তুক ছমাহলৈ জনগণক মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে।

দেওবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ৰাজ্যখনত অহা ছমাহলৈ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ’ব বুলি ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিশেষজ্ঞসকলে নাইট কাৰ্ফিউ আৰু লকডাউনৰ বলৱৎ কৰাৰ পোষকতা কৰিলেও ৰাজ্যত এতিয়া কোভিড১৯ নিয়ন্ত্ৰণত থকাৰ বাবে সেয়া বলৱৎ কৰা হোৱা নাই।

উদ্ধৱ থাকৰেৰ মতে মহাৰাষ্ট্ৰত কোভিড১৯ নিয়ন্ত্ৰণত থাকিলেও ই সম্পূৰ্ণৰূপে নিৰ্মূল হোৱা নাই। সেয়ে অহা ছমাহলৈ ৰাজ্যখনত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰা হৈছে।

উল্লেখ্য যে মহাৰাষ্ট্ৰত শনিবাৰে ৩,৯৪০ গৰাকী নতুন কোভিড আক্ৰান্তক চিনাক্ত কৰা হৈছে।

ইফালে যোৱা কিছুমাহৰ পৰা ৰাজ্যখনত কোভিড পৰিস্থিতিৰ উল্লেখনীয়ভাৱে উন্নত হোৱা দেখা গৈছে।

“প্ৰতিৰোধ কৰাতো সুস্থ হোৱাতকৈ শ্ৰেষ্ঠ। অন্ততঃ অহা ছমাহলৈ ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো অভ্যাসলৈ পৰিণত কৰক।” ৰাজ্যবাসীক উদ্দেশ্যি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী থাকৰেই কয়।