NORTHEAST NOW (Assamese)

ম্যানমাৰৰ ১৫১ জন সেনা জোৱান পলায়ন কৰি পালে মিজোৰাম

December 31, 2023 2:37 pm · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

আছাম ৰাইফলছৰ এগৰাকী বিষয়াই শনিবাৰে জনোৱা মতে, মিজোৰামৰ লংটলাই জিলালৈ পলায়ন কৰি আহিছে কমেও ১৫১জন ম্যানমাৰৰ সেনা জোৱান।

আৰাকান সেনাৰ যোদ্ধাসকলে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত ম্যানমাৰৰ সেনাৰ এটা চকী আগ্ৰাসন কৰাৰ পিছত শুকুৰবাৰে লংটলাই জিলাৰ টুইচেণ্টলাঙলৈ পলায়ন কৰে সেনাকেইগৰাকী। তেওঁলোকে অৰস্ত্ৰ সহায়ৰ বাবে অসম ৰাইফলছৰ কাষ চাপিছে।

ভাৰতীয় সীমান্তৰ সমীপৱৰ্তী অঞ্চলটোত বিগত কিছুদিন ধৰি ম্যানমাৰ সেনা আৰু আৰাকান সেনাৰ যোদ্ধাৰ মাজত তীব্ৰ যুদ্ধ চলি থকাৰ কথা উল্লেখ কৰে বিষয়াগৰাকীয়ে।

আছাম ৰাইফলছৰ এগৰাকী বিষয়াই জনোৱা মতে, শুকুৰবাৰে মিজোৰামত প্ৰৱেশ কৰা ম্যানমাৰ সেনাবাহিনীৰ একাংশ সদস্য গুৰুতৰভাৱে আহত হয়। আছাম ৰাইফলছে তেওঁলোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে।

তেওঁ কয় যে ম্যানমাৰ সেনাৰ জোৱানসকল এতিয়া ম্যানমাৰ সীমান্তৰ সমীপৰ লংটলাই জিলাৰ পাৰভাত থকা অসম ৰাইফলছৰ নিৰাপদ জিম্মাত আছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ম্যানমাৰৰ সামৰিক চৰকাৰৰ মাজত আলোচনা অব্যাহত আছে। কিছুদিনৰ ভিতৰত ম্যানমাৰৰ জোৱানক নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হ’ব বুলিও তেওঁ মন্তব্য কৰে। 

Related News