NORTHEAST NOW (Assamese)
Uncategorized

মণিপুৰৰ গাৱঁত অনুষ্ঠিত হ’ব কামো হাউ কালছাৰেল ফেষ্টিভেল

Posted by: সভাপতি চামম March 24, 2018 4:37 pm
K-2-266x200

মণিপুৰৰ কামজং জিলাৰ ফুংগিয়াৰ মহকুমাৰ অন্তৰ্গত ফালাং গাৱঁত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব কামো হাউ কালচাৰেল ফেষ্টিভেল-২০১৮।

কামো হাউ আৰ্টছ এণ্ড কালছাৰেল অৰ্গেনাইজেশ্যনৰ পৃষ্ঠপোষকতাত এই উৎসৱ উদযাপন কৰা হ’ব। এই বছৰৰ উৎসৱৰ বিষয়বস্তু হৈছে ‘আমাৰ দেশ, আমাৰ সস্কৃতি’।

শুকুৰবাৰৰ পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানটো উদ্বোধন কৰিছিল অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা বন আৰু পৰিৱেশ মন্ত্ৰী থাওউংনাওজাম শ্যামকুমাৰে।

উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা ভাষণত মন্ত্ৰী শ্যামকুমাৰে কয় যে পাহাৰ আৰু ভৈয়ামৰ প্ৰাচীন সংস্কৃতি,পৰম্পৰাসমূহ .সংৰক্ষণ কৰাটো প্ৰয়োজন। পৰম্পৰাগত সংস্কৃতি সংৰক্ষিত হৈ থাকিলেহে শান্তি বিৰাজ কৰিব বুলি তেওঁ মন্তব্য কৰে। উল্লেখ্য যে শ্যমকুমাৰ নগৰ পৰিকল্পনা, উদ্যানশস্য আৰু ভূমি সংৰক্ষণ দপ্তৰো দায়িত্বত আছে।

তেওঁ এই এলেকাটোৰ শোচনীয় বাট-পথ আৰু আন্তঃগাঁথনিমূলক বিকাশৰ অভাৱৰ কথাটো মুখ্য মন্ত্ৰীৰ কাঁ চোৱাব বুলি গাওঁৰ ৰাইজক আশ্বাস প্ৰদান কৰে।

ঝুম খেতিয়ে পৰিৱেশৰ ক্ষতি কৰিছে বুলি মন্তব্য কৰি মন্ত্ৰীজনে কয় যে গাৱঁৰ মুখীয়াসকল আৰু গাৱঁৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি কৃষকক এটা বিকল্প জীৱিকা প্ৰদান কৰাৰ বাবে সাম্ভব্য পদক্ষেপ গ্ৰহণ কৰিব। তেওঁ আৰু কয় যে ৰাইজে সহযোগ কৰিলেহে চৰকাৰে উন্নয়ণমূলক কাম কৰিব পাৰিব।

ফাংগিয়াৰৰ বিধায়ক লেইছিও কেইছিঙে তেওঁৰ ভাষণত সকলো সম্প্ৰদায়ৰে পৰম্পৰা সংস্কৃতি সংৰক্ষণ কৰাৰ ওপৰত জোৰ দিয়ে। তেওঁ পূৰ্ব পুৰুষৰ পৰম্পৰা আৰু সংস্কৃতি উপৰি পুৰুষলৈ বহন কৰি নিয়াৰ প্ৰয়োজন বুলি কয়।

উদ্বোধনী দিনটোৰ বিশেষ আকৰ্ষণ আছিল তাংখুল নৃত্য। জিলা পৰ্যায়ৰ বিষয়া, কৰ্মচাৰী আৰু বন, উদ্যনশস্য আৰু ভূমি সংৰক্ষণ বিভাগৰ বিষয়া কৰ্মচাৰীও এই অনুষ্ঠানত উপস্থিত আছিল।