NORTHEAST NOW (Assamese)
অসম

কন্টেইনমেন্ট জ’নৰ দৰিদ্ৰ লোক খাদ্য সংকটত; প্ৰশাসনে খাদ্য-সামগ্ৰী যোগান নধৰাৰ অভিযোগ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 28, 2021 1:10 pm
containment zone

টীয়কৰ কাৱৈমাৰী অঞ্চলত ৩১জনকৈ লোকৰ দেহত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰাৰ পাছত যোৰহাট জিলা প্ৰশাসনে সমগ্ৰ অঞ্চলটো কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰাৰ দুটা দিন উকলি যোৱাৰ পাছতো প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ খাদ্য-সামগ্ৰী যোগান নধৰাৰ অভিযোগ উঠিছে।

অঞ্চলটোত ওলোৱা সোমোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি প্ৰৱেশ পথত বাঁহৰ দাং মাৰি  দিয়াৰ পৰিপেক্ষিতত অঞ্চলটোৰ দৰিদ্ৰ লোক সকলৰ যিসকলে দিন হাজিৰা কৰি, মৎস্য ব্যৱসায়কে ধৰি অনান্য ব্যৱসায়েৰে দুবেলা দুমঠি আহাৰ যোগাৰ কৰিছিল সেইসকলৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

প্ৰশাসনে কেৱল কন্টেইনমেন্ট জ’ন ঘোষণা কৰিয়েই দায়িত্ব সামৰাত অঞ্চলটোৰ দৰিদ্ৰ লোকসকলে ভোগ কৰা যন্ত্ৰণা দূৰ কৰিবৰ বাবে জিলা প্ৰশাসনক আহ্বান জনাইছে পঞ্চায়ত জনপ্ৰতিনিধিকে ধৰি গাঁওৰক্ষী বাহিনীৰ লোকসকলে।

ইপিনে, গাঁওখনৰ প্ৰবেশদ্বাৰত গাঁৱৰক্ষী বাহিনী আৰু পঞ্চায়ত প্ৰতিনিধিয়ে দিনে নিশাই পহৰা দি ক’ভিডৰ গণ সংক্ৰমণ ৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

অৱশ্যে বৰ্তমান আক্ৰান্তসকলৰ শাৰীৰিক অৱস্থা সুস্থ বুলি জানিবলৈ দিছে।