NORTHEAST NOW (Assamese)
অসম

ৰৈ থকা ট্ৰেইলাৰত বলেৰ’ৰ খুন্দা, থিতাতে নিহত ছজন বিবাহযাত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 26, 2020 10:49 am
accident

বৃহস্পতিবাৰে পুৱা  ৰাজ্যত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ছজনে লোকৰ থিতাতে মৃত্যু ঘটে।

এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে ডিব্ৰুগড়ৰ লেপেটকটাত।

আজি পুৱা প্ৰায় ৫.৪৫ বজাত  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ধেমাজীৰ চিচিবৰ গাঁৱৰ  পৰা ডিব্ৰুগড়ৰ ভগামূৰৰ দিশে আহি থকা বলেৰ’ বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই লেপেটকটা অঞ্চলৰ পথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰেলাৰৰ পিছপিনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

ফলত বলেৰ’ বাহন খনৰ সন্মুখৰ  অংশটো বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আহত ছজন আৰোহীক স্থানীয় লোকে লগে লগে ওচৰৰে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে।

ভয়ংকৰ পথ দুৰ্ঘটনাটোত নিহত লোক কেইজনক ক্ৰমে হেম বড়া,কণপাই ভূঞা,জীৱক শইকীয়া,প্ৰকাশ দাস, দেৱ বড়া আৰু মদন বড়া।

দুৰ্ঘটনাত ছজনকৈ লোক নিহত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ডিব্ৰুগড় অঞ্চলতে শোকৰ ছাঁ পৰিছে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ কেইটা চমজি লৈছে। আহত দুজন লোকক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বলেৰ’ৰ আৰোহীসকল ধেমাজীৰ এখন বিয়াৰ পৰা উভতি আহিছিল বুলি জানিব পৰা গৈছে।