NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা ১,০৭২জনলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 15, 2020 7:04 am
COVID19-positive-1140x570

ত্ৰিপুৰাত নতুনকৈ ১৮জন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হোৱাৰ পাছত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ১,০৭২জনলৈ বৃদ্ধি পাইছে।

ৰাজ্যখনৰ নতুনকৈ চিনাক্ত হোৱা ৰোগীৰ সন্দৰ্ভত ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবে দেওবাৰে নিশা এক টুইটৰ যোগে কয় যে চিনাক্ত হোৱা নতুন আটাইকেইজন ৰোগীয়ে ছেপাহিজলা জিলাৰ।

আটাইকেইজনৰ ৰোগীৰে ট্ৰেভেল হিষ্ট্ৰী থকা বুলিও মুখ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

ত্ৰিপুৰা চৰকাৰৰ কোভিড-১৯ প’ৰ্টেল অনুসৰি, ত্ৰিপুৰাত মুঠ ১,০৭২জন পজিটিভ ৰোগী চিনাক্ত হৈছে।

ইয়াৰ ভিতৰত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৭৫৬জন আৰু ৩১৫জন ৰোগী সুস্থ হৈ উঠাৰ বিপৰীতে এজন লোকৰ মৃত্যু হৈছে।

মুখ্য মন্ত্ৰী দেবে দেওবাৰে জানিবলৈ দিয়ে যে মুঠ ১,৪৮৫টা নমুনা পৰীক্ষা কৰা হৈছিল।

ইয়াৰ মাজতে মুখ্য মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে ভগৎ সিং কোভিড কেয়াৰ চেন্টাৰত পৰীক্ষা কৰিবলৈ দিয়া ১১৮টা নমুনাৰ আটাইকেইটাৰে ফলাফল নিগেটিভ পোৱা গৈছে।

তেওঁ কয় যে সুস্থ হৈ উঠাৰ পাছতেই কোভিড-১৯ ৰোগীকেইজনক যাবলৈ দিয়া হ’ব।

দেওবাৰে ৰাতিপুৱা ত্ৰিপুৰাত ১৫জন পজিটিভ ৰোগী ধৰা পৰিছিল।