NORTHEAST NOW (Assamese)
Popular Stories

এতিয়াৰ পৰা হোৱাটছএপৰ যোগেদি বুকিং কৰিব পাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ: মুকলি কৰা হৈছে এটা নম্বৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 28, 2020 8:19 am
LPG-1-770x433

এতিয়াৰে পৰা উপভোক্তাসকলে ভাৰত পেট্ৰ’লিয়ামৰ ৰন্ধন গেছৰ ছিলিণ্ডাৰ হোৱাটছএপৰ যোগেদি বুকিং কৰিব পাৰিব।

এই ব্যৱস্থা কৰিছে ভাৰত পেট্ৰ’লিয়াম ক’ৰ্পৰেশ্যন লিমিটেডে।

‘এতিয়া (মঙলবাৰৰ) পৰা দেশজুৰি থকা ভাৰত গেছ(LPG ব্ৰেণ্ডৰ নাম)ৰ গ্ৰাহকসকলে হোৱাটছএপৰ জৰিয়তে মেছেজ কৰি গেছৰ ছিলিণ্ডাৰ বুকিং কৰিব পাৰিব।’ গ্ৰাহকৰ বাবে হোৱাটছএপ বুকিঙৰ সুবিধা মুকলি কৰি প্ৰতিষ্ঠানটোৱে এইদৰে কয়।

‘সকলোৱে হোৱাটছএপ ব্যৱহাৰ কৰে, যুৱ প্ৰজন্মৰ পৰা বয়স্ক প্ৰজন্মৰলৈকে। হোৱাটছএপে আমাক গ্ৰাহকৰ কাষলৈ লৈ যাব।’ প্ৰতিষ্ঠানটোৰ কাৰ্যবাহী পৰিচালন পীতাম্বৰণে এইদৰে কয়।

লগতে তেওঁ আৰু কয় যে, ‘গ্ৰাহকে হোৱাটছএপৰ জৰিয়তে ছিলিণ্ডাৰ বুকিং কৰাৰ লগে লগে বুকিং নিশ্চিতকৰণৰ এটা মেচেজ পাব আৰু সেই মেচেজৰ লিঙ্কৰ জৰিয়তে আগ্ৰিম বিলো পৰিশোধ কৰিব পাৰিব গ্ৰাহকসকলে।’

‘ইয়াৰ দ্বাৰা আমাৰ গ্ৰাহকসকলক ডিজিটেল প্ৰেমেন্টৰ বাবে উৎসাহিত কৰাও হ’ব।’ তেওঁ কয়।

হোৱাটছএপৰ জৰিয়তে ভাৰত ছিলিণ্ডাৰ বুকিং কৰিবলৈ  BPCL স্মাৰ্টলাইন নম্বৰ ১৮০০২২৪৩৪৪ টো গ্ৰাহকে নিজৰ স্মাৰ্টফোনত চেভ কৰি পঞ্জীয়ন কৰি ল’ব লাগিব।

আৰু এই নম্বৰলৈ ‘BOOK’ অথবা ‘1’ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব আৰু লগে লগে গ্ৰাহকে বুকিং নিশ্চিকৰণৰ এটা মেচেজ লাভ কৰিব।