NORTHEAST NOW (Assamese)
অসম

অৰ্জুন বঁটাৰ বাবে মনোনীত ভাৰোত্তোলিকা মীৰাবাঈ চানুৰ নাম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 28, 2020 9:04 am
mirabai Chanu

দেশৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা ৰাজীৱ গান্ধী খেলৰত্নৰে সন্মানিত হোৱা ভাৰোত্তোলিকা মীৰাবাঈ চানুৰ নাম এইবৰ্ষৰ অৰ্জুন বঁটাৰ বাবে মনোনীত কৰিছে ৰাষ্ট্ৰীয় ভাৰোত্তোলক ফেডাৰেশ্যনে।

মণিপুৰৰ এইগৰাকী প্ৰতিভাবান ভাৰোত্তোলকৰ উপৰি ৰাগালা ভেংকট ৰাহুল আৰু পুনম যাদৱৰ নামো মনোনীত কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ২০১৭ চনত মাৰ্কিন যুক্তৰাজ্যত অনুষ্ঠিত বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত বিজয়ী হোৱাৰ পিছতে অৰ্থাৎ ২০১৮ চনত চানুৱে খেলৰত্ন বঁটা আৰু পদ্মশ্ৰী বঁটা লাভ কৰিছিল।

মন কৰিবলগীয়া যে ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান খেলৰত্ন পোৱাৰ পিছত এজন খেলুৱৈক অৰ্জুন বঁটাৰ বাবে মনোনীত কৰিব পাৰি বুলি জনাৰ পিছতে ফেডাৰেশ্যনৰ সচিবপ্ৰধান সহদেৱ যাদৱে চানৰ নামো মনোনীত কৰে।

ভাৰোত্তোলন ক্ষেত্ৰৰ পৰা শেষবাৰৰ বাবে অৰ্জুন বঁটা লাভ কৰিছিল ২০১৫ চনতে। কমনৱেল্থ গেইমছৰ দুবাৰৰ স্বৰ্ণপদক বিজয়ী সতীশ শিৱলিংগমে সেইবাৰ অৰ্জুন বঁটা লাভ কৰিছিল।

উল্লেখ্য যে মীৰাবাঈ চানুৰ ঘৰ হৈছে ইম্ফলৰ পৰা ২০ কি:মি: দূৰত্বত অৱস্থিত নংপক কাকচিং গাঁৱত।