NORTHEAST NOW (Assamese)

মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত আৰম্ভ আন্তঃক্লাব ‘এ’ ডিভিজন ক্ৰিকেট লীগ

March 27, 2018 9:02 am · এন ই নাও নিউজ

মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত ২৬ মাৰ্চৰ পৰা আৰম্ভ হৈছে আন্তঃক্লাব ‘এ’ ডিভিজন ক্ৰিকেট লীগ।

মঙলদৈ ষ্টেডিয়ামত আয়োজন কৰা প্ৰতিযোগিতাখন উদ্বোধন ক্ৰীড়াবিদ বীৰেন মেধিয়ে।

উদ্বোধনী মেচখন আৰম্ভ হয় বামুণপাৰা কৃষ্টি সংঘ আৰু শান্তিপুৰ সংঘৰ মাজত। বামুণপাৰা কৃষ্টি সংঘই শান্তিপুৰ সংঘক ৮ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়।

প্ৰতিযোগিতাখনিত প্ৰথমে বেটিং কৰা শান্তিপুৰ দলে ১৬.২ অভাৰত ৫৫ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনত উল হকে ২০ ৰান কৰাৰ বিপৰীতে শেখৰ থাপা, অনুভৱ আচাৰ্য, আছিফ আলী. মুফতিয়াৰ আৰু নৱজ্যোতি বৰুৱাই দুটাকৈ উইকেট দখল কৰে।

আনহাতে প্ৰতিযোগিতাখনৰ প্ৰত্যুত্তৰত মনোজ বাগ আৰু শেখৰ থাপাই অপৰাজিতভাৱে সংগ্ৰহ কৰা ১৪ ৰাণকৈ ইনিংছৰ সহায়ত বামুণপাৰা কৃষ্টি সংঘই দুটা উইকেট হেৰুৱাই বিয়জী হ’বলৈ সক্ষম হয়।

Related News