NORTHEAST NOW (Assamese)
অসম

সংকটত মধ্যপ্ৰদেশৰ কংগ্ৰেছ চৰকাৰ: ৬ মন্ত্ৰীসহ ১৬জন বিধায়ক গৈ পালে বাংগালুৰু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 9, 2020 9:01 pm
vijaya-karnataka

মধ্য প্ৰদেশ চৰকাৰলৈ গভীৰ সংকট নামি আহিছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ ঘনিষ্ঠ ১৬জন কংগ্ৰেছ বিধায়ক বাংগালুৰুত উপস্থিত হৈছে।

বাতৰি অনুসৰি বাংগালুৰুত উপস্থিত হোৱা ১৬জন বিধায়কৰ ভিতৰত ৬ জন মধ্য প্ৰদেশ চৰকাৰৰ মন্ত্ৰী।

বিধায়ক কেইগৰাকীয়ে এখন চাৰ্টাৰ বিমানেৰে বাংগালুৰুত উপস্থিতি হয়। শেহতীয়া খৱৰ মতে জ্যোতিৰাদিত্য সিন্ধিয়া বৰ্তমান দিল্লীস্থিত তেওঁৰ বাসভৱনত উপস্থিত হৈছে।

আন এক খৱৰ মতে, মধ্য প্ৰদেশ বিজেপিৰো ৬জন বিধায়ক বাংগালুৰুত উপস্থিত হৈছে।

কেইদিনমান পাছতে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনত ঘনীভূত হৈছে এক ৰাজনৈতিক সংকট।

মধ্য প্ৰদেশৰ কমলনাথ চৰকাৰখন সামান্য সংখ্যা গৰিষ্ঠতাৰে চলি আছে। মুখ্য মন্ত্ৰী কমলনাথকে ধৰি একাংশ নেতাই অভিযোগ কৰিছে যে বিজেপিয়ে দলটোৰ বিধায়ক ক্ৰয় কৰাৰ চেষ্টা কৰি চৰকাৰখনৰ পতন আনিব বিচাৰিছে।

বাতৰি অনুসৰি, মুখ্য মন্ত্ৰী কমলনাথে তেওঁৰ দিল্লী ভ্ৰমণ আধাতে সামৰি ভূপাললৈ উভতি গৈছে।

ইপিনে, কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই জ্যোতিৰাদিত্য সিন্ধিয়াক সন্মত কৰাবলৈ চেষ্টা চলাই আছে আৰু তেওঁক মধ্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ দিয়া হ’ব পাৰে।

বাতৰি অনুসৰি, শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্য মন্ত্ৰী কমলনাথে জৰুৰীকালীন বৈঠকৰ আহ্বান কৰিছে। বৈঠকত জ্যেষ্ঠ কংগ্ৰেছ নেতা দ্বিগ্বীজয় সিঙকে ধৰি কেইবাজনো নেতাই অংশ লৈছে।

আনহাতে, কংগ্ৰেছৰ মাজত সংকট সৃষ্টি হোৱাৰ সময়তে বিজেপিয়েও তৎপৰতা আৰম্ভ কৰিছে। হোলীৰ মাজতে মঙলবাৰে  সন্ধিয়া ৭ বজাত বিজেপি বিধায়কসকলৰ এখন বৈঠক আহ্বান কৰা হৈছে।