NORTHEAST NOW (Assamese)

উগ্ৰবাদ দমন কৰাত চৰকাৰ সাফল্য : বস্তৰত আত্মসমৰ্পণ ১৬ মাওবাদীৰ

September 11, 2025 5:25 pm · এন ই নাও নিউজ, গুৱাহাটী

মাওবাদীৰ বিৰুদ্ধে যুঁজত আন এক সফলতা লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা মতে, ছত্তীশগড়ৰ বাষ্টাৰত ১৬টা মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে। বুধবাৰে নিশা বস্তৰৰ নাৰায়ণপুৰত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

নাৰায়ণপুৰৰ আৰক্ষী অধীক্ষক ৰবিনছন গুডিয়াই কয় যে, নিৰীহ জনজাতীয় লোকৰ ওপৰত মাওবাদীয়ে কৰা নিৰ্মম আক্ৰমণ বৃদ্ধি পোৱা আভ্যন্তৰীণ সংঘাতৰ বাবে তেওঁলোকে আত্মসমৰ্পণ কৰিছিল। লগতে তেওঁ কয় যে এই ১৬ জন লোকৰ কোনো এজনো মাওবাদী সংগঠনৰ উচ্চ পদস্থ নেতা নহয়। মূলতঃ জনতা সৰকাৰ, চেতনা নাট্য মণ্ডোলী, পঞ্চায়ত মিলিচীয়া আদি শাখা সংগঠনৰ সদস্য।

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে যদিও তেওঁলোক নিম্নস্তৰৰ নেতা, তথাপিও এই মাওবাদীসকল বিভিন্ন বিধ্বংসী কাণ্ডত সক্ৰিয়ভাৱে জড়িত আছিল।

সশস্ত্ৰ মাওবাদী গোটক ৰেচন, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ কামত তেওঁলোক সক্ৰিয়ভাৱে জড়িত আছিল। ইয়াৰ উপৰিও তেওঁলোকে আগতে অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক পৰিবহণত সহায় কৰিছিল আৰু নিৰাপত্তা বাহিনীৰ গতিবিধিৰ তথ্য সংগ্ৰহ কৰিছিল।

আত্মসমৰ্পণ কৰা প্ৰতিজন মাওবাদীক আৰ্থিক সাহায্য হিচাপে দিয়া হৈছে ৫০ হাজাৰ টকা। তদুপৰি চৰকাৰী আঁচনি অনুসৰি তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হব।

Related News