NORTHEAST NOW (Assamese)

ইণ্ডোনেছিয়াত মৃত্যুৰ কিৰিলি: ভয়াৱহ ভূমিকম্পত নিহতৰ সংখ্যা ১৬০ৰো অধিকলৈ বৃদ্ধি

November 21, 2022 10:11 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 21, 2022 11:25 pm

ইণ্ডোনেছিয়াৰ পশ্চিম জাভা প্ৰদেশত আজি সংঘটিত হোৱা বিধ্বংসী ভূমিকম্পৰ ফলত ১৬০ জনতকৈও অধিক লোকৰ মৃত্যু হৈছে।

এই ভয়াৱহ দুৰ্যোগৰ ফলত ধ্বংসস্তূপত পৰিণত হোৱা চহৰৰ বহু এলেকাত এতিয়াও সন্ধানহীন লোকৰ সন্ধান অভিযান চলাই আছে উদ্ধাৰকাৰী দলে।

৫.৬ প্ৰাবল্যৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ৰাজধানী জাকাৰ্টাৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ দক্ষিণ-পূবে থকা পাহাৰীয়া পশ্চিম জাভাৰ চিয়ানজুৰ চহৰৰ ওচৰত।

পশ্চিম জাভাৰ গৱৰ্ণৰ ৰিডৱান কামিলে ইনষ্টাগ্ৰামত সদৰী কৰা অনুসৰি এই পৰ্যন্ত ১৬২ গৰাকী লোক নিহত হোৱাৰ লগতে ৩২৬ জন আহত হোৱাৰ তথ্য পোৱা গৈছে।

ইণ্ডোনেছিয়াৰ দুৰ্যোগ প্ৰশমন সংস্থাই জানিবলৈ দিয়া মতে ধ্বংসস্তূপৰ তলত ২৫ গৰাকী লোক এতিয়া আবদ্ধ হৈ আছে বুলি সন্দেহ কৰা হৈছে। এই লোকসকলৰ সন্ধানত সমগ্ৰ নিশাজুৰি অনুসন্ধান অব্যাহত থাকিব বুলি বিভাগটোৱে সদৰী কৰিছে।

এই ভয়াৱহ দুৰ্যোগত মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি স্থানীয় প্ৰশাসনে ধাৰণা কৰিছে।

Related News