NORTHEAST NOW (Assamese)
অসম

ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৬,৪৩২ গৰাকী ক’ৰ’নাত আক্ৰান্ত, মৃত্যু ২৫২ গৰাকীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 29, 2020 11:33 am
ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৬,৪৩২ গৰাকী ক’ৰ’নাত আক্ৰান্ত, মৃত্যু ২৫২ গৰাকীৰ

ভাৰতত ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে। যোৱা ২৪ ঘণ্টাত নতুনকৈ মাত্ৰ ১৬,৪৩২ গৰাকী আক্ৰান্ত হোৱাৰ তথ্যই ইয়াকে সূচাইছে।

দেশত এই পৰ্যন্ত ১,০২,২৪,৩০৩ গৰাকী লোক আক্ৰান্ত হৈছে।

আনহাতে মৃত্যুৰ সংখ্যাও বিগত দিন সমূহৰ তুলনাত হ্ৰাস পোৱা বুলি স্বাস্থ্য মন্ত্ৰ্যালয়ে জনাইছে। সোমবাৰৰ দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২৫২ গৰাকী।

বৰ্তমানলৈকে সৰ্বমুঠ ১,৪৮,১৫৩ গৰাকী লোকৰ ক’ৰ’নাৰ ফলত মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি মুঠ আক্ৰান্তৰ ৯৮,০৭,৫৬৯ গৰাকীয়ে ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰিছে।

বৰ্তমান আৰোগ্যৰ হাৰ ৯৫.৮৩ শতাংশলৈ বৃদ্ধি পোৱা বুলি মন্ত্ৰ্যালয়ে জনাইছে।

দেশত এতিয়া সক্ৰিয় ৰোগীৰ সংখ্যা ৩ লাখৰ তললৈ হ্ৰাস পোৱা বুলি মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়া হয়।

সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২,৬৮,৫৮১ গৰাকী।

উ্লেখ্য যে ভাৰতত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও বিশ্বৰ বিভিন্ন প্ৰান্তত নতুনকৈ ইয়াৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাত কিছু পৰিমানে শংকিত হৈছে ভাৰত চৰকাৰ।