NORTHEAST NOW (Assamese)
অসম

মেলবৰ্ণত ভাৰতীয় দলৰ মহাবিজয়, অষ্ট্ৰেলিয়াক পৰাস্ত কৰি শৃংখলাত সমতা স্থাপন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 29, 2020 10:56 am

ভাৰত বনাম অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্ট আজি চতুৰ্থ দিনাই সমাপ্ত হয়।

দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই ভাৰতক জয়ৰ বাবে ৭০ ৰানৰ লক্ষ্য বান্ধি দিছিল, যিটো ভাৰতে ২ উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়।

দ্বিতীয় ইনিংছতো শুভমন গীল আৰু মায়ংক আগৰৱালাই অপেনিং কৰিছিল যদিও মায়ংকৰ ফ্লপ শ্ব’ অব্যাহত থাকিল। তেওঁ মাত্ৰ ৫ ৰান কৰি পেভেলিয়নলৈ উভতে।

চেতশ্বৰ পূজাৰাইও মাত্ৰ ৩ ৰানত নিজৰ উইকেটটো হেৰুৱায়। ইয়াৰ পিছত গীল আৰু ৰাহানেই একাগ্ৰতা আৰু ধৈৰ্যৰে খেলি ভাৰতক ৮ উইকেটত বিজয়ী কৰে।

গীলে ৭ টা চাৰিসহ ৩৫ ৰান  আৰু ৰাহানে ২৭ ৰান কৰি অপৰাজিত হৈ থাকে।

মেচত ভাৰতীয় বলাৰসকলে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি প্ৰথম ইনিংছৰ দৰে অষ্ট্ৰেলিয়াৰ বেটছমেনক দ্বিতীয় ইনিংছটো শলঠেকত পেলায়।

অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছ আজি ৰাতিপুৱা ২০০ ৰানত অন্ত পৰে। তৃতীয় দিনটোত অষ্ট্ৰেলিয়াই ৬ টা উইকেট হেৰুৱাইছিল আৰু আজি বাকী চাৰিটা উইকেট প্ৰথম ছেছনটোতে হেৰুৱায়।

দ্বিতীয় ইনিংছত মহাম্মদ চিৰাজে ৩টা, যাদেজা-আশ্বিন আৰু বুমৰাহে দুটাকৈ উইকেট লাভ কৰে।

উল্লেখ্য যে প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ১৯৫ ৰান কৰাৰ বিপৰীতে ভাৰতে ৩২৬ ৰান সংগ্ৰহ কৰিছিল। ভাৰতে প্ৰথম ইনিংছত ১৩১ ৰানৰ অগ্ৰগতি লাভ কৰিছিল।

মেলবৰ্ণ টেষ্টত জয় লাভ কৰি চাৰিখন মেচৰ শৃংখলাৰ ১-১ত সমতা স্থাপন কৰে ভাৰতে।

এডিলেইডত খেলা প্ৰথম টেষ্টত শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পাছত দ্বিতীয় টেষ্টত চমকপ্ৰদ প্ৰদৰ্শনেৰে বিপক্ষক পৰাস্ত কৰিবলৈ সক্ষম হোৱা ৰাহানে নেতৃত্বাধীন ভাৰতীয় দলটোক বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে।

উল্লেখ্য যে এতিয়াও শৃংখলাটোৰ দুখন মেচ বাকী আছে। তৃতীয়খন মেচ অহা ৭-১১ জানুৱাৰিত ছিডনীত অনুষ্ঠিত হ’ব আৰু চতুৰ্থ তথা অন্তিম টেষ্টখন ১৫-১৯ জানুৱাৰিত অনুষ্ঠিত হ’ব।