NORTHEAST NOW (Assamese)
অসম

বৰপেটালৈ বহিঃৰাজ্যৰ পৰা নতুনকৈ আহিল ১৬৬ জন : কোৱাৰেন্টাইন চেন্টাৰৰ পৰা মুকলি হ’ল ৫৭ জন

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ May 25, 2020 5:29 pm
IMG_20200525_160627

বৰপেটা জিলালৈ বিভিন্ন ৰাজ্যৰ পৰা যোৱা ১৮ মে’ৰ দিনা অহা ৫৭ জন লোকৰ কোভিড১৯ পৰীক্ষাৰ ফলাফল নেতিবাচক হোৱাত আজি তেওঁলোকক প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনৰ পৰা মুকলি কৰি দিয়া হয়।

এইলোক সকলক বৰনগৰ কলেজত কোৱাৰেন্টাইন কৰা হৈছিল।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি লগতে জনাইছে যে তেওঁলোক অন্তত: অহা সাত দিনলৈ নিজৰ ঘৰতে সপৰিয়ালে কোৱাৰেন্টাইন হৈ থাকিব লাগিব।

তেওঁলোকক নিজ নিজ ঘৰলৈ নি স্বাস্থ্য বিভাগৰ দলে হাতত ছীল মৰাৰ উপৰি ঘৰৰ দুৱাৰ মুখত কোৱাৰেন্টাইন জাননী আঁৰি দিয়ে।

ইফালে বহি:ৰাজ্যৰ পৰা বৰপেটালৈ স্থানীয় লোকৰ আগমণ আজিও অব্যাহত আছে।

আজি আবেলিলৈ বিভিন্ন ৰাজ্যৰ পৰা ১৬৬ জন লোক জিলাখনলৈ আহিছে।

ইয়াৰে ৭ জনক ভৱানীপুৰ অঞ্চলিক মহাবিদ্যালয়ত, ৬২ জনক বৰপেটা পলিটেকনিকত আৰু ৯৭ জনক পাঠশালাৰ এন এইছ কলেজত ৰখা হৈছে।

এই কথা প্ৰকাশ কৰি জিলা জনসংযোগ বিষয়াজনে জনোৱা মতে আজি নিশাৰ ভাগলৈ আৰু অধিক সংখ্যক লোক জিলাখনলৈ অহাৰ সম্ভাৱনা আছে।

সকলোকে এসপ্তাহৰ বাবে কোৱাৰেন্টাইন চেন্টাৰত ৰাখি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

অৱশ্যে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে  বৃদ্ধ, শিশু, গৰ্ভৱতী মহিলা আৰু বিশেশভাৱে সক্ষম লোকক প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনৰ পৰিবৰ্তে হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হৈছে।