NORTHEAST NOW (Assamese)
Popular Stories

দ্ৰুত গতিত বাঢ়িছে ক’ৰ’না : ইয়াৰ মাজতে স্বাস্থ্য মন্ত্ৰীয়ে দিলে এক সুখৰ বতৰা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 25, 2020 5:30 pm

ক’ভিড-১৯ত আক্ৰান্ত অসমৰ পাঁচজন ব্যক্তিক সোমবাৰে চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে।

ইয়াৰে তিনিগৰাকী গুৱাহাটীৰ পৰা আৰু অন্য দুগৰাকীক যোৰহাট মেডিকেল কলেজৰ পৰা মুক্তি দিয়া হৈছে। টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ইপিনে গুৱাহাটীৰ পৰা মুক্তি পোৱা দুগৰাকী ৰোগীৰ নাম ক্ৰমে নিতুল সাউদ (২৫) আৰু বসুদেৱ পাটগিৰি (৪২) বুলি মন্ত্ৰীগৰাকীয়ে GMCH ত সম্বোধন কৰা সংবাদমেলত জনায়।

তেওঁলোক কেন্সাৰ ৰোগীৰ পৰিচৰ্যাকাৰী হিচাপে আছিল আৰু মুম্বাইৰ পৰা অসমত আহি উপস্থিত হোৱাৰ পাছত তেওঁলোক ক’ভিড-১৯ত আক্ৰান্ত হৈছিল।

তেওঁলোক GMCH ত চিকিৎসাধীন হৈ আছিল। দুবাৰকৈ টেষ্ট কৰাৰ পাছত নিগেটিভ ওলোৱাত তেওঁলোক ক’ৰ’না মুক্ত বুলি চিকিৎসকে ঘোষণা কৰে।

আৰু এগৰাকী ১৩ বছৰীয়া হাৰ্ট ৰোগী ক’ৰ’ণা মুক্ত হৈ GMCH ৰ পৰা মুক্তি পোৱা বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ফাৰহান আখতাৰ আৰু আব্দুল চমিমকো মুক্তি দিয়া হৈছে বুলি তেওঁ জনায়।দুয়োগৰাকীৰ দুবাৰকৈ পৰীক্ষা কৰাৰ অন্তত ফলাফল নিগেটিভ অহাত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়।

উল্লেখযোগ্য যে, যোৱা ২৩ মে’ৰ দিনা আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ কনিষ্ঠ দন্ত চিকিৎসক ডাঃ দীপা ডেকাক GMCH ৰ পৰা মুক্তি দিয়া হৈছিল। তেওঁৰ লগতে অন্য এগৰাকী মহিলা ৰোগীকো মুক্তি দিয়া হৈছিল GMCH ৰ পৰা।

এতিয়ালৈকে মুঠ ৬২ গৰাকী লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৩৯৭ গৰাকীকৈ লোক।

ইফালে ৰাজ্যত আজিৰ দিনটোত ৭৪ গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাত সকলো আতংকিত হৈ আছে যদিও পাঁচগৰাকীকৈ ৰোগী ক’ৰ’নামুক্ত হোৱাটোৱে কিছু পৰিমানে ৰাজ্যবাসীলৈ সুখৰ বতৰা কঢ়িয়াই আনিছে।