NORTHEAST NOW (Assamese)
দেশ

পুনৰ বিষাক্ত সুৰাপান কৰি মৃত্যুমুখত ১৭ জন ব্যক্তি :: বহুতৰ অৱস্থা সংকটজন।

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 14, 2022 9:00 pm
পুনৰ বিষাক্ত সুৰাপান কৰি মৃত্যুমুখত ১৭ জন ব্যক্তি :: বহুতৰ অৱস্থা সংকটজন।

’ড্ৰাই ষ্টেট’ বিহাৰত বিষাক্ত সুৰাপান কৰি আকৌ মৃত্যুমুখত পৰিল ১৭ জনকৈ ব্যক্তি। তদুপৰি হাস্পাতালত জীৱন মৰণেৰে ছটফটাই আছে আৰু কেইবাজনো ব্যক্তি।  এই ঘটনা সংঘটিত হৈছে বিহাৰৰ সাৰণ জিলাত।

সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। মথুৰাৰ ডি এছ পিয়ে জনোৱা মতে, মদ খাই অসুস্থ হৈ পৰা গাঁওবাসীৰ স্বাস্থ্য পৰীক্ষা চলি আছে। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ পিছত অধিক তথ্য ওলাই পৰিব বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষকগৰাকীয়ে।

উল্লেখ্য যে বিহাৰ এখন ড্ৰাই ষ্টেট অৰ্থাৎ সুৰানিষিদ্ধ ৰাজ্য। তেনেস্থলত কেনেকৈ বিহাৰলৈ প্ৰৱেশ কৰে বিষাক্ত সুৰা? কেনেকৈ বিহাৰত প্ৰস্তুত কৰিব পাৰে দেশীয় সুৰা? এই প্ৰশ্নই এতিয়া উদঙাই দিছে নীতিশ কুমাৰৰ বিফলতাৰ কথা।

বিষাক্ত সুৰা পান কৰি গাঁওবাসীৰ মৃত্যু হোৱা ঘটনা বিহাৰত এয়াই প্ৰথম নহয়। বিহাৰৰ একেখন সাৰণ জিলাতে যোৱা আগষ্টত সুৰাপান কৰি কমেও ১১ জন লোকৰ মৃত্যু হৈছিল। আনকি এই ঘটনাত বহুতে দৃষ্টিশক্তিও হেৰুৱাই পেলাইছিল।

ইফালে ‘ড্ৰাই’ ৰাজ্যত সুৰা সেৱন কৰি প্ৰাণ হেৰুওৱা ঘটনাৰ বাবে বিধানসভাত তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ল মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। বিধানসভাৰ অধিৱেশন  আৰম্ভ হোৱাৰ পূৰ্বে এই ঘটনাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে। বিজেপিৰ বিধায়কসকলে নীতিশৰ পৰা ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী জনায়। ইপিনে বিধায়ক সকলক উল্টাই তোমালোকেও সুৰাপান কৰা বুলি ঠাট্টাহে কৰে নীতিশ কুমাৰে।