NORTHEAST NOW (Assamese)

Smart city projectsশীঘ্ৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্যবৰ্ধনকে ধৰি ১৭ টা প্ৰকল্প আৰম্ভ কৰিব GSCL-এ

November 24, 2021 7:07 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: November 24, 2021 7:11 pm

গুৱাহাটীক স্মাৰ্ট চিটি হিচাবে গঢ় দিয়াৰ প্ৰচেষ্টা পূৰ্ণ গতিত অব্যাহত ৰখা হৈছে।

সেইমৰ্মে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড,চমুকৈ GSCL-এ শীঘ্ৰে গ্ৰহণ কৰিব ১৭ টাকৈ নতুন প্ৰকল্প।

সেই প্ৰকল্পসমূহৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ সৌন্দৰ্য বৰ্ধনৰ আঁচনিও আছে। GSCL ৰ পৰিচালন সঞ্চালক ঘনশ্যাম দাসে প্ৰকাশ কৰা মতে এই প্ৰকল্পসমূহৰ বাবে ৮৮৭ কোটি টকা ধাৰ্য্য কৰা হৈছে।

এই প্ৰকল্প সমূহৰ মাজৰে কেইটামান প্ৰকল্পৰ বাবে ইতিমধ্যে নিবিদা আহ্বান কৰা হৈছে আৰু বাকী থকা প্ৰকল্পসমূহৰ বাবেও শীঘ্ৰে নিবিদা আহ্বান কৰা হ’ব বুলি দাসে প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ উন্নয়নৰ বাবে ৩০৮ কোটি টকা ধাৰ্য্য কৰা হৈছে। একেদৰে ২০০ খন নন-এচি ইলেক্ট্ৰিক বাছৰ বাবে ধাৰ্য্য কৰা হৈছে ২৩৬ কোটি টকা।

সংহত যান-বাহন নিয়ন্ত্ৰণ ব্যৱস্থাৰ বাবে ধাৰ্য্য কৰা ধনৰ পৰিমাণ হৈছে ১২৭ কোটি টকা।

তেওঁ লগতে এইকথাও জানিবলৈ দিয়ে যে স্মাৰ্ট চিটি প্ৰকল্পৰ ভিতৰত অশ্বক্লান্ত মন্দিৰ, উমানন্দ আৰু দক্ষিণপাট সত্ৰ শান্তি আশ্ৰমৰ উন্নয়নো অন্তৰ্ভূক্ত হৈ আছে।

একেদৰে স্মাৰ্ট চিটি গঢ়াৰ উদ্দেশ্যে কামৰূপ মেট্ৰ’ৰ উপায়ুক্তৰ কাৰ্যালয়, গুৱাহাটীৰ আৰক্ষী আয়ুক্ৰ কাৰ্যালয়, পৌৰ নিগমৰ আয়ুক্তৰ কাৰ্যালয় আদি স্থানান্তৰিত কৰা হ’ব।

Related News